নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত ক’ৰোনাঃ মাস্ক নিপিন্ধাৰ বাবদ মাত্ৰ দুটা দিনত জৰিমনা সংগ্ৰহ ৬০ লাখ

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ মহাৰাষ্ট্ৰত ক’ৰোনাৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ মুম্বাই চৰকাৰেও কঠোৰ হৈছে নাগৰিকৰ ক’ভিড-১৯ সজাগতাক লৈ।

অমৰাৱতীত লকডাউন দিয়াকে ধৰি এতিয়া মাস্ক নিপিন্ধা লোকৰ ক্ষেত্ৰত জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে। বিএমচিয়ে কালি এক সংবাদ বিবৃতিত জানিবলৈ দিয়ে যে যোৱা দেওবাৰে ১৪,১০০ গৰাকী লোকক জৰিমনা বিহি ২৮ লাখ টকা সংগ্ৰহ কৰাৰ লগতে শনিবাৰে ১৬,১৫৪ লোকক জৰিমনা বিহি ৩২ লাখ টকা সংগ্ৰহ কৰিছে।

এসপ্তাহত ৬০ লাখ টকা কেৱল মাস্ক নিপিন্ধাৰ বাবদ জৰিমনা ৰূপে সংগ্ৰহ কৰে। আনহাতে বিএমচিয়ে লগতে জনায় যে ২০২০ চনৰ মাৰ্চৰ পৰা ক’ৰোনা নিয়ম উলংঘনৰ বাবে মুঠ ৩০.৫ কোটি টকাৰ জৰিমনা সংগ্ৰহ কৰিছে।

উল্লেখ্য, মুম্বাইৰ জনতা সজাগ নহ’লে ৰাজ্যত লকডাউন ঘোষণা কৰা হ’ব বুলি জনাইছিল মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই।

You might also like