নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মর্মান্তিকঃ মতিহাৰীত নাও ডুবি ৬ জন নিহত, উদ্ধাৰ অভিযান অব্যাহত

নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰঃ বিহাৰৰ মতিহাৰীত ভয়ংকৰ নাও দুৰ্ঘটনা। বুঢ়ি গন্দক নদীত ডুব যায় এখন নাও। জানিব পৰা মতে নাওখনত আছিল ২২ জন যাত্ৰী। এতিয়ালৈকে ৬ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

ইতিমধ্যে নদীত ডুব যোৱা লোকসকলৰ উদ্ধাৰ অভিযান চলি আছে। প্ৰাৰম্ভিক তদন্তত নাওখনত অত্যাধিক লোকে যাত্ৰা কৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি খবৰ পোৱা গৈছে।

ইপিনে ১২খন আসন থকাৰ বিপৰীতে ২২ জনৰো অধিক লোকে সৰু নাওখনত যাত্ৰা কৰাৰ বাবেই নাওখন নদীত ডুব গৈছিল বুলি স্থানীয় লোকে প্ৰকাশ কৰিছে।

ইফালে নাওখনৰ গৰাকীৰ চূড়ান্ত অদূৰদর্শিতাৰ বাবেই  এই দুর্ঘটনা সংঘটিত হ’ল বুলি আন কেইবাগৰাকীও প্রত্যক্ষদর্শীয়ে মন্তব্য কৰিছে৷

 

You might also like