নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনা ৰাষ্ট্ৰদূতক লক্ষ্য কৰি পাকিস্তানী হোটেলত বোমা বিস্ফোৰণ, ৪ জন নিহত

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ পাকিস্তানত বেলুচিস্তানৰ কোয়েটা চহৰৰ এখন বিলাসী হোটেলত কালি নিশা ঘটা বোমা বিস্ফোৰণৰ ফলত চাৰিজন লোক নিহত আৰু ১১ জন আহত হয়। পাকিস্তানত চীনৰ ৰাষ্ট্ৰদূতক লক্ষ্য কৰি চেৰিনা নামৰ বিলাসী হোটেলৰ কাৰ পাৰ্কিং এলেকাত এই বোমা বিস্ফোৰণ সংঘটিত হয়।

অৱশ্যে আক্ৰমণৰ সময়ত ৰাষ্ট্ৰদূতজন হোটেলত নাছিল। কোয়েটা চহৰৰ এই চেৰিনা হোটেলখনত চৰকাৰী বিষয়া আৰু অঞ্চলটোলৈ অহা জ্যেষ্ঠ দৰ্শনাৰ্থীসকলে সাধাৰণতে আশ্ৰয় লয়। সন্দেহ কৰা মতে, বিচ্ছিন্নতাবাদী বেলুচিস্তানী উগ্ৰপন্থীয়ে পাকিস্তানৰ উক্ত অঞ্চলটোত চীনা খনিজ কোম্পানীৰ আন্তঃগাঁথনি নিৰ্মাণৰ বিৰোধিতা কৰি আছিল।

You might also like