নিয়মীয়া বাৰ্তা ১৬ ফেব্ৰুৱাৰীঃ কেন্দ্রীয় বাজেট দাখিলৰ পাছৰে পৰাই বোম্বে ষ্টক এক্সচেঞ্জত অভাৱনীয় উত্থানৰ ধাৰা অব্যাহত আছে৷ আন্তর্জাতিক বজাৰত ইতিবাচক প্রভাৱৰ বাবে আজি দেশৰ শ্বেয়াৰ বজাৰত নতুন অভিলেখ সৃষ্টি হয়৷ আজি পুৱাৰে পৰা বি এছ ই ছেনছেক্স ঊর্ধ্বগামী হৈ বজাৰ সামৰণি পৰে ৬০৯.৮৩ পইণ্টত৷ ৩০ শ্বেয়াৰ বি এছ ই ছেনছেক্স প্রথমবাৰৰ বাবে অভিলেখকাৰী ৫২ হাজাৰ অতিক্রম কৰে৷ বি এছ ই ছেনছেক্স ৬০৯.৮৩ পইণ্ট তথা ১.১৮ শতাংশ ঊর্ধ্বগামীৰে ৫২,২৩৫.৯৭ত বজাৰ সামৰণি পৰে৷ আনপিনে এন এছ ই নিফ্টি ১৫১.৪০ পইণ্ট তথা ১ শতাংশ বৃদ্ধিৰে অভিলেখকাৰী ১৫,৩১৪.৭০ত বজাৰ সামৰণি পৰে৷ আজিৰ ছেনছেক্স সর্বাধিক প্রায় ৬ শতাংশ ঊর্ধ্বগামীৰে শীর্ষত থাকে এক্সিছ বেংক৷
ইয়াৰ পাছত আই চি চি আই বেংক, বাজাজ ফাইনেঞ্চ, এছ বি আই, ইণ্ডাছইণ্ড বেংক, এইচ ডি এফ চি আৰু ক’টাক বেংক লাভান্বিত হয়৷ মন কৰিবলগীয়া যে এছিয়াৰ বজাৰ বিশেষকৈ নিক্ক ২২৫ পইণ্ট ঊর্ধ্বগামী হৈ প্রথমবাৰৰ বাবে ৩০ হাজাৰৰ অভিলেখ অতিক্রম কৰে৷ বিগত তিনিটা দশকৰ ভিতৰত প্রথমবাৰৰ বাবে নিক্কি ৩০ হাজাৰ অতিক্রম কৰি অভিলেখ গঢ়ে৷ এছিয়াৰ বজাৰৰ ইতিবাচক প্রভাৱৰ বাবে আজি দালাল ষ্টীটত বেংকিং আৰু বিত্তীয় সেৱাৰ শ্বেয়াৰ ঊর্ধ্বগামী হয়৷ অৱশ্যে তথ্য–প্রযুক্তি, ধাতু আৰু ফার্মাচীৰ সূচাংক নিম্নগামী হয়৷ ছেনছেক্সে অভিলেখ গঢ়াৰ দিনা এছ বি আই লাইফ, এইচ ডি এফ চি লাইফ, ড০ ৰেড্ডিজ লেবৰেটৰী, টাটা ষ্টীল, টি চি এছ, ক’ল ইণ্ডিয়া, হিন্দুস্তান ইউনিলিভাৰ, ইণ্ডিয়ান অইল, এছিয়ান পেইণ্ট আৰু টেক মহিন্দ্রা লোকচানৰ সন্মুখীন হৈছে৷ আনপিনে আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য ১.৩০ শতাংশ বৃদ্ধিৰে প্রতি বেৰেলত ৬৩.২৪ মার্কিন ডলাৰ হৈছে৷