আমন্ত্রণ ৰক্ষাঃ ভাৰতৰ গণৰাজ্য দিৱসত অতিথি হ’ব জনছন
নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছনে ভাৰতৰ গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব৷ ২৬ জানুৱাৰীৰ এই গণৰাজ্য দিৱসলৈ ভাৰতে মুখ্য অতিথি হিচাপে আমন্ত্রণ জনাইছিল জনছনক৷ জনছনে এই আমন্ত্রণ ৰক্ষা কৰিব বুলি ঘোষণা কৰিছে৷ স্মর্তব্য যে ১৯৯৩ চনত ব্রিটিছ প্রধানমন্ত্রী জন মেজৰে ভাৰতৰ গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিছিল৷ জনছন হ’ব এই অনুষ্ঠানত অংশগ্রহণ কৰা দ্বিতীয়গৰাকী ব্রিটিছ প্রধানমন্ত্রী৷ ১৯৯৩ চনত জন মেজৰে ভাৰতৰ গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিয়েই পৰৱর্তী বছৰত জি–৭ৰ সন্মিলনত ভাৰতক অংশগ্রহণ কৰিবলৈ আমন্ত্রণ জনাইছিল৷ ডাউন ষ্ট্রীটে ঘোষণা কৰা অনুসৰি গণৰাজ্য দিৱসত অংশগ্রহণ কৰাৰ উপৰি ভাৰতৰে ব্রিটেইনৰ সম্পর্ক অধিক সুদৃঢ় কৰাৰ ক্ষেত্রত গুৰুত্ব প্রদান কৰিব জনছনে৷ বিশেষকৈ দেশখনৰ সৈতে কৌশলপূর্ণ সহযোগিতা গঢ়ি তোলাৰ উপৰি নিয়োগ আৰু বিনিয়োগৰ ক্ষেত্রত গুৰুত্ব আৰোপ কৰিব ব্রিটিছ প্রধানমন্ত্রীগৰাকীয়ে।