নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘোঁৰাত উঠি কইনা ওলাল দৰাৰ ঘৰলৈ

এইবাৰ হাতত তৰোৱাল লৈ ঘোঁৰাত উঠি কইনা ওলাল দৰাৰ ঘৰলৈ। পৰম্পৰা সলনি কৰি কইনাই দৰা ঘৰলৈ বিয়া পাতিবলৈ যোৱা হাৰিয়ানাৰ এখন বিবাহে এতিয়া সকলোৰে দৃষ্টি কাঢ়িছে। কইনা প্রিয়াই মাক-দেউতাক তথা অন্যান্য আত্মীয়-স্বজনৰ সৈতে ‘বৰযাত্ৰী’লৈ বিয়া পাতিবলৈ যায়। সাধাৰণতে দৰাই কইনা ঘৰলৈ বিয়া পাতিবলৈ যোৱা নিয়ম যদিও প্রিয়াই সংবাদ মাধ্যমৰ আগত কয় যে শৈশৱৰ ইচ্ছা পূৰণ হোৱাত তেওঁ অত্যন্ত সুখী।

সাধাৰণতে ল’ৰাৰ জীৱনত এনে সুযোগ আহে যদিও আমাৰ ঘৰত মা-দেউতাই মোক ল’ৰাৰ দৰে ডাঙৰ কৰিছে। যোৱা সপ্তাহত তামিলনাডুৰ এক দম্পত্তিয়ে ৩ডি পৰিৱেশ ‘মেটাভাৰ্ছ’ত বিয়াৰ অভ্যৰ্থনাৰ আয়োজন কৰিছিল।

You might also like