প্রেমিকাক বিয়া পাতিলে ব্রিটিছ প্রধানমন্ত্রী ব’ৰিছ জনছনে
নিয়মীয়া বাৰ্তা ১ জুনঃ লণ্ডনৰ ৰোমান কেথ’লিক ৱেষ্টমিনষ্টাৰ কেথ্রেড্র’লত অতি অনুষ্টুপীয়া কার্যসূচীত ব্রিটিছ প্রধানমন্ত্রী ব’ৰিছ জনছনে তেওঁৰ প্রেমিকা কেৰী ছাইমণ্ডৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে৷ লণ্ডনৰ ডাউনিং ষ্ট্রীটৰ পৰা প্রকাশ কৰা বিবৃতি অনুসৰি পৰিয়ালৰ লোক আৰু কেইজনমান ঘনিষ্ঠ বন্ধুৰ উপস্থিতিত ফাদাৰ ডেনিয়েল হামফ্রিয়ে ব্রিটিছ প্রধানমন্ত্রী জনছন আৰু প্রেমিকা কেৰী ছাইমণ্ডছৰ বিবাহ সম্পন্ন কৰে৷
ব্রিটিছৰ ২০০ বছৰীয়া ইতিহাসত দায়িত্বত থকা অৱস্থাত বিবাহপাশত আবদ্ধ হোৱা প্রথমগৰাকী প্রধানমন্ত্রী ব’ৰিছ জনছন তৃতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হৈছে৷ ৫৬ বছৰীয়া জনছনৰ সৈতে প্রথমবাৰৰ বাবে ৩৩ বছৰীয়া কেৰী ছাইমণ্ডছ বিবাহপাশত আবদ্ধ হৈছে৷ উল্লেখ্য যে ২০২০ চনৰ ফেব্রুৱাৰী মাহত জনছন আৰু ছাইমণ্ডছে আঙঠি পিন্ধোৱা উৎসৱ সম্পন্ন কৰিছিল৷ সেই সময়ত ছাইমণ্ডছ গর্ভৱতী আছিল৷ ৫৬ বছৰীয়া জনছনে ইয়াৰ পূর্বে ১৯৮৭ত সাংবাদিক এলেগ্রা মষ্টিনৱ’ৱেন আৰু ১৯৯৩ চনত ভাৰতীয় বংশোদ্ভৱ বেৰিষ্টাৰ সাংবাদিক মেৰিনা হুইলাৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল৷