নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুণৰ চৰ্চাত ট্রাম্পৰ একালৰ শয্যাসংগিনী

বিশেষ বাৰ্তা, ৭ফেব্ৰুৱাৰীঃ এযুগ পূৰ্বে তেওঁ আছিল ডোনাল্ড ট্রাম্পৰ শয্যাসংগিনী। আমেৰিকাৰ প্রাক্তন ৰাষ্ট্ৰপতিৰ সৈতে তেওঁৰ যৌন সম্পর্কৰ কাহিনীয়ে হোৱাইট হাউছত জোৱাৰ তুলিছিল। আদালতত উঠিছিল গোচৰ। সেই পৰ্ণ তাৰকা ষ্টর্মী ডেনিয়েলছ (ষ্টেফানী ক্লিফোর্ড)এ আকৌ হৈ-চৈ লগাইছে আমেৰিকাত। এইবাৰ যৌন কেলেংকাৰী নহয়, প্রতাৰণাৰ মোকৰ্দমা।

সেয়াও নিজৰেই উকীলৰ বিৰুদ্ধে। ট্রাম্পৰ সৈতে তেওঁৰ শাৰীৰিক সম্পর্কৰ কথা ‘ফুল ডিছক্লোজাৰ’ নামৰ কিতাপত লিখিছিল ষ্টর্মীয়ে। সেই কিতাপখনক লৈয়েই এই কাণ্ড। ষ্টর্মীৰ অভিযোগ আছিল, সেই কিতাপখন বিক্রি কৰি পোৱা প্রায় ২ কোটি টকা আঁজুৰি লৈছিল তেওঁৰ অধিবক্তা মাইকেল এভেনাটিয়ে। সেই মোকৰ্দমাত যোৱা শুকুৰবাৰে জয় পালে ষ্টৰ্মীয়ে। এভেনাটিক দোষী সাব্যস্ত কৰিলে নিউয়র্কৰ আদালতে।

You might also like