কেন্সাৰ হাস্পাতালৰ নতুন কেম্পাছৰ উদ্বোধন আগতেই কৰিছোঁ, মোদীৰ সন্মুখতে ক’লে মমতাই
ৰিমোটৰ বুটম টিপি ভার্চুয়েল মাধ্যমেৰে কলকাতাৰ চিত্তৰঞ্জন নেশ্বনেল কেন্সাৰ ইনষ্টিটিউটৰ দ্বিতীয় কেম্পাছ উদ্বোধন কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। লগত থাকে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডভীয়। শুকুৰবাৰৰ এই অনুষ্ঠানত উপস্থিত থাকে পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীও।দীর্ঘদিনৰ মূৰত একেটা অনুষ্ঠানত উপস্থিত থাকে প্রধানমন্ত্রী মোদী আৰু মুখ্যমন্ত্রী মমতা। বিৰোধী দলৰ নেতা শুভেন্দু অধিকাৰীৰ লগতে আন কেবাগৰাকীও নেতা-মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে অনুষ্ঠানত। উদ্বোধনী ভাষণত মমতাই কয় প্রধানমন্ত্রীৰ বাবেই তেওঁ এই অনুষ্ঠানত উপস্থিত আছে। কেন্দ্রীয় স্বাস্থ্যমন্ত্রীয়ে তেওঁক দুবাৰকৈ ফোন কৰাৰ কথাও প্ৰকাশ কৰে। বাঙালী জনতাৰ উন্নয়নৰ প্ৰতি প্রধানমন্ত্রীৰ আগ্রহ দেখি তেওঁ ধন্যবাদো জ্ঞাপন কৰে।
মমতাই পুনৰ কয়- কিন্তু আমি এই কেম্পাছৰ উদ্বোধন আগতেই কৰিছোঁ। কাৰণ কভিডৰ প্রথম ঢৌ উঠাৰ সময়ত আমাক অধিক স্বাস্থ্য পৰিকাঠামোৰ দৰকাৰ হৈছিল। তেতিয়াই এদিন আমি নিউ টাউনৰ এই হাস্পাতালৰ দ্বিতীয় কেম্পাছটো দেখি ব্যবহাৰৰ সিদ্ধান্ত লৈছিলোঁ। এই হাস্পাতালখনৰ খৰচত ৰাজ্য চৰকাৰে কিমান ব্যয় কৰিছে সেই কথাও তেওঁ পাকেপ্ৰকাৰন্তৰে জনাই দিয়ে মমতাই।