নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাকৰিৰ কেলেংকাৰি সন্দর্ভত চিবিআইৰ তদন্তঃ অভিযুক্ত ২৩জন লোকৰ সাতগৰাকীয়েই স্থলসেনাৰ জ্যেষ্ঠ বিষয়া

নিয়মীয়া বাৰ্তা ১৭ মাৰ্চঃ  সশস্ত্র বাহিনীত নিযুক্তি দিয়াৰ বাবে উৎকোচ গ্রহণ কৰাৰ অভিযোগত অভিযুক্ত হৈছে সাতগৰাকী সেনা বিষয়া৷ কেন্দ্রীয় অনুসন্ধান সংস্থা চি বি আয়ে চলোৱা তদন্তত পাঁচগৰাকী লেফটেনেণ্ট কর্নেল, এগৰাকী মেজৰ আৰু এগৰাকী লেফটেনেণ্টসহ মুঠ ২৩গৰাকী লোকক অভিযুক্ত কৰা হৈছে৷

উল্লেখনীয় যে কালি ১৩খন চহৰত ৩০টা স্থানত এই গোচৰটো সন্দর্ভত তালাচী চলাইছিল চি বি আয়ে৷ স্থলসেনাৰ মুঠ ১৭গৰাকী লোকে নিযুক্তি দিয়াৰ বিনিময়ত উৎকোচ গ্রহণ কৰিছিল বুলি অভিযোগ আনিছে তদন্তকাৰী সংস্থাটোৱে৷

স্মর্তব্য যে সেনাৰ অভিযোগৰ ভিত্তিতেই এক গোচৰ ৰুজু কৰা হৈছিল৷ যোৱা মাহত চি বি আয়ে অভিযোগ লাভ কৰাৰ পিছত গোচৰটোৰ তদন্ত আৰম্ভ কৰে৷ তদন্তত পোৱা তথ্য অনুসৰি নতুন দিল্লী বেছ হাস্পতালত চাকৰিপ্রত্যাশী প্রার্থীক উৎকোচ গ্রহণ কৰি বিভিন্ন ধৰণে সহায় কৰিছিল স্থলসেনাৰ ১৭ বিষয়া–কর্মী তথা অন্য ৬গৰাকী লোকে৷

উল্লেখনীয় যে এই নিযুক্তি চক্রৰ মাষ্টাৰমাইণ্ড হিচাপে চিনাক্ত কৰা হৈছে লেফটেনেণ্ট কর্নেল এম ভি এছ এন এ ভগৱানক৷ ভগৱান হৈছে আর্মী এয়াৰ ডিফেন্স ক’পছৰ বিষয়া৷

You might also like