CBIৰ গোচৰত মণিষ চিছ’দিয়াৰ ন্যায়িক জিম্মা ৩ এপ্ৰিললৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ২০মাৰ্চ: দিল্লী আবকাৰী নীতি গোচৰত ৰাউজ এভিনিউ আদালতে চিবিআই গোচৰত মণিষ ছিছ’দিয়াৰ ন্যায়িক জিম্মা ১৪ দিনৰ বাবে বৃদ্ধি কৰিছে। এতিয়া তেওঁ ৩ এপ্ৰিললৈকে ন্যায়িক জিম্মাত থাকিব। বৰ্তমান ইডিৰ জিম্মাত থকা মনীষ চিছ’দিয়াক ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আদালতত উপস্থিত ৰখা হয়। এই গোচৰত চিবিআইয়ে কয় যে তদন্ত এতিয়াও চলি আছে আৰু জটিল সন্ধিক্ষণত আছে।
অৱশ্যে ২২ মাৰ্চলৈকে তেওঁ ইডিৰ জিম্মাত আছে। এই গোচৰত শুকুৰবাৰে ৰাউজ এভিনিউ আদালতে মনীষ চিছ’ডিয়াৰ ৰিমাণ্ড ২২ মাৰ্চলৈকে ইডিলৈ দিয়ে। ইডিয়ে আদালতক জনাইছিল যে লেফটেনেণ্ট গৱৰ্ণৰে এই বিষয়ত অভিযোগ দিয়াৰ সময়ত মনীষে নিজৰ ফোন সলনি কৰিছিল যদিও সংস্থাটোৱে তেওঁৰ মোবাইল ডাটা উদ্ধাৰ কৰিছিল। এতিয়া সংস্থাটোৱে তেওঁৰ মোবাইল আৰু ইমেইলৰ পৰা উলিওৱা তথ্য বিশ্লেষণ কৰি আছে আৰু এতিয়াও মনীষক প্ৰশ্ন কৰিবলগীয়া আছে।