৮ জুনৰ দিনা সুশান্ত ৰাজপুতৰ ঘৰৰ পৰা হঠাৎ কিয় গুচি আহিছিল ৰিয়া চক্রৱর্তী… দুয়োৰে মাজত মনোমালিন্য হৈছিল নেকি উক্ত দিনা?
চি বি আইৰ উপর্যুপৰি প্রশ্ণত ব্যতিব্যস্ত ৰিয়া চক্রৱর্তী
নিয়মীয়া বাৰ্তা ২৯ আগষ্টঃ ৮ জুনৰ দিনা সুশান্ত ৰাজপুতৰ ঘৰৰ পৰা হঠাৎ কিয় গুচি আহিছিল ৰিয়া চক্রৱর্তী? দুয়োৰে মাজত মনোমালিন্য হৈছিল নেকি উক্ত দিনা? চিবিআই বিষয়াৰ এনে বহু প্রশ্ণত শুকুৰবাৰে হতভম্ব হৈ পৰে অভিনেত্রী ৰিয়া চক্রৱর্তী৷ সুশান্তৰ ৰহস্যজনক মৃত্যুক লৈ বাতৰিৰ শিৰোনামত থকা ৰিয়াক শুক্ৰবাৰে পুৱাৰে পৰা মুম্বাইৰ ডি আৰ ডি অ’ অতিথিশালাত চিবিআইৰ বিষয়াসকলে মাৰাথন জেৰা কৰে৷ ১০ ঘণ্টাৰো অধিক সময় জেৰাৰ পিছত নিশা সুশান্তৰ প্রেমিকা ৰিয়া চক্রৱর্তীক যাবলৈ দিয়া হয় যদিও কাইলৈ পুনৰ জেৰাৰ বাবে হাজিৰ হ’বলৈ জনোৱা হয়৷ জেৰা কৰা হয় ৰিয়াৰ ভাতৃ সৌৱিককো৷ দুয়োকে পৃথক কোঠালিত জেৰা চলায় তদন্তকাৰী বিষয়াসকলে৷ দুয়োৰে ভাষ্যত কিবা অমিল আছে নেকি তাক ধৰা পেলাবলৈ আৰু তাৎক্ষণিকভাৱে আনুষংগিক প্রশ্ণ উত্থাপন কৰাৰ বাবেই সৌৱিকক মাতি পঠিওৱা হয়৷ কালিও ডি আৰ ডি অ’ৰ অতিথিশালাত সৌৱিকৰ লগতে সুশান্তৰ এজন বন্ধু আৰু পৰিচাৰকক চিবিআয়ে জেৰা চলাইছিল৷ জানিব পৰা মতে সুশান্তৰ পৰিয়ালে যিসমূহ অভিযোগ ৰিয়াৰ বিৰুদ্ধে উত্থাপন কৰিছে, তাৰ ওপৰতে চিবিআয়ে ৰিয়াৰ বক্তব্য বিচাৰে৷ ৮ জুনৰ দিনা সুশান্তক এৰি নিজৰ ঘৰলৈ ঘূৰি অহাৰ কাৰণ, ১৪ জুন পর্যন্ত সুশান্তৰে হোৱা যোগাযোগ, সুশান্তৰ স্বাস্থ্যজনিত সমস্যা আৰু চিকিৎসা সন্দর্ভত বিভিন্ন প্রশ্ণৰ সন্মুখীন হয় ৰিয়া চক্রৱর্তী৷ নির্ভৰযোগ্য সূত্রৰ মতে ৰিয়াক উপর্যুপৰি কেইবাদিনো জেৰা চলোৱাৰ সম্ভাৱনা আছে চিবিআয়ে৷ সূত্রটোৰ মতে, ১১.২০ বজাৰ পৰা জেৰা আৰম্ভ কৰে চিবিআইৰ এজন এছ পি আৰু ডিএছপিয়ে৷ প্রায় ডেৰ ঘণ্টা সময় ৰিয়াক সুশান্তৰে তেওঁৰ সম্পর্ক, দৈনন্দিন জীৱন, অৱসৰ বিনোদন আদিৰ ওপৰত নিজৰ ভাষ্য দিয়াৰ সুযোগ দিয়া হয়৷ ইয়াৰ পিছতেই আৰম্ভ হয় তদন্তকাৰীৰ প্রশ্ণবাণ৷ উপর্যুপৰি প্রশ্ণত ব্যতিব্যস্ত হৈ পৰে ৰিয়া৷ কেতবোৰ প্রশ্ণত তেওঁক হতভম্ব হৈ পৰাও দেখা যায়৷ পৰৱর্তী সময়ত সৌৱিকৰ লগতে ডিআৰডি’ৰ অতিথিশালাত উপস্থিত হয় সুশান্তৰ বন্ধু সিদ্ধার্থ পিথানী, ৰান্ধনী নীৰজ, কেশৱ, ছেমুৱেল মিৰাণ্ডা আৰু ৰজত মেৱালীক৷ নিশাৰ ভিতৰতে আটাইকেইজনকে জেৰাৰ সম্ভাৱনা আছে৷ আনহাতে ৰিয়াৰ ভাষ্যৰ সত্যাসত্য নিৰূপণৰ বাবে সময়ে সময়ে পিথানী আৰু নীৰজক কেইবাবাৰো চিবিআইৰ দলে সুকীয়াকৈ মাতি নি প্রশ্ণ সোধে৷ স্মর্তব্য যে সাত দিনৰ পূর্বে ৰিয়াই ৰাষ্ট্রীয় টেলিভিছন চেনেলৰে সাক্ষাতকাৰত সশান্ত আৰু তেওঁ প্রেম নিভাঁজ আছিল বুলি দাবী কৰিছিল৷ আনহাতে সুশান্তৰ পৰিয়ালৰ বিৰুদ্ধেও তেওঁ অভিযোগ উত্থাপন কৰিছিল৷ সুশান্তৰ এগৰাকী ভগ্ণী শেতা কীর্তিয়ে শুকুৰবাৰে কয় যে নিজকে ধোঁৱা তুলসীৰ পাত সজাবলৈ ৰিয়াই এতিয়া সুশান্তক ড্রাগছ আসক্ত বুলি প্রমাণ কৰাৰ চেষ্টা চলাইছে৷ গুৰুতৰ অভিযোগ তুলি তেওঁ কয় যে ৰিয়া আৰু তেওঁৰ পৰিয়ালে সুশান্তক ড্রাগছ খুৱাই আবদ্ধ কৰি ৰাখিছিল৷
ইডি–নার্ক’টিছৰ তৎপৰতা
চিবিআইৰ তদন্তৰ সমান্তৰালভাৱে এনফ’চমেণ্ট ডাইৰেক্টৰেট (ইডি) আৰু নার্ক’টিকছ ব্যুৰ’ৱেও অনুসন্ধান তীব্রতৰ কৰি তুলিছে৷ ইডিয়ে ইতিমধ্যে ৩১ আগষ্টত হাজিৰ হ’বলৈ গোৱাৰ হোটেল ব্যৱসায়ী গৌৰৱ আর্যক চমন জাৰি কৰিছে৷ নার্ক’টিকছ ব্যুৰ’ৰ বিষয়াও জেৰাত উপস্থিত থাকিব৷ কিয়নো ধনৰ লেনদেনৰ উপৰি ৰিয়াই ২০১৭ চনত গৌৰৱ আর্যৰ সৈতে ড্রাগছ সম্পর্কত আলোচনা কৰিছিল৷ এছ এম এছৰ জৰিয়তে দুয়োৰে মাজত ড্রাগছ সন্দর্ভত কেইবাবাৰো কথোপকথন হোৱাৰ তথ্য ইডিৰ অনুসন্ধানত ধৰা পৰিছে৷ আনহাতে নার্ক’টিকছ ব্যুৰ’ৱে ড্রাগছ সম্পর্কীয় অধিক তথ্য ইডিৰ পৰা বিচাৰিছে৷ শেহতীয়াকৈ ৰিয়াৰ ড্রাগছ যোগসূত্রত সাঙোৰ খাই পৰিছে ছবি নির্মাতা সন্দীপ সিঙৰ নাম৷ ‘পি এম নৰেন্দ্র মোদী’ শীর্ষক জীৱনীমূলক ছবিৰ নির্মাতা সন্দীপকো নার্ক’টিকছ আৰু চিবিআয়ে জেৰা কৰাৰ সম্ভাৱনা আছে৷