নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ দিল্লীত এহেজাৰখন লো–ফ্ল’ৰ বাছ ক্রয়ৰ ক্ষেত্রত কেলেংকাৰি সংঘটিত হোৱা বুলি কেন্দ্রীয় চৰকাৰে চিবিআই তদন্তৰ নির্দেশ দিছে৷ কেজৰিয়াল চৰকাৰৰ বিৰুদ্ধে কেন্দ্রৰ মোদী চৰকাৰৰ এয়া এক মোক্ষম আঘাত হিচাপে চিহ্ণিত হৈছে৷
কেন্দ্রীয় গৃহ মন্ত্রালয়ে দিল্লীৰ আপ চৰকাৰে বাছ ক্রয়ৰ ক্ষেত্রত হোৱা কেলেংকাৰিৰ প্রাথমিক তদন্ত কৰিবলৈ চিবিআইক নির্দেশ দিয়া বিষয়টোক কঠোৰ সমালোচনা কৰিছে দিল্লী চৰকাৰে৷
দিল্লী বিধানসভাত বিজেপিয়ে চলিত বর্ষৰ মার্চ মাহত বিষয়টোক লৈ উত্তপ্ত পৰিস্থিতি কৰিছিল৷ দিল্লী পৰিবহণ নিগমে এই বাছসমূহ ক্রয় কৰাৰ সময়ত বহু কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱা বুলি অভিযোগ কৰিছিল বিজেপিয়ে৷