নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘোষণা হ’ল চিবিএছইৰ দশম শ্রেণীৰ ফলাফল; উত্তীৰ্ণৰ হাৰ ৯১.৪৬%

নিয়মীয়া বাৰ্তা, ১৫ জুলাই: আজি কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদে (চি বি এছ ই) অনুষ্ঠিত কৰা দশম শ্রেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয়৷ এইবাৰ চি বি এছ ইত মুঠ ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯১.৪৬ শতাংশ । য’ত গুৱাহাটী ৰিজনত উত্তীৰ্ণৰ হাৰ হৈছে ৭৯.১২ শতাংশ ।

উল্লেখ্য যে চি বি এছ ইৰ অধীনস্থ বিদ্যালয়সমূহৰ প্রায় ১৬ লাখ ছাত্র–ছাত্রী এইবাৰ দশম শ্রেণীৰ পৰীক্ষাত অৱতীর্ণ হৈছেল৷ এইবাৰ দশম শ্রেণীৰ মূল বিষয়সমূহৰ পৰীক্ষা লকডাউনৰ পূর্বে অনুষ্ঠিত হৈছিল যদিও দেশত ক’ৰোনাৰ সংক্রমণে ভয়াৱহ ৰূপ লোৱাৰ পৰিপ্রেক্ষিতত কেইবাটাও বিষয়ৰ পৰীক্ষা বাতিল কৰিবলগীয়া হয়৷

You might also like