নিয়মীয়া বাৰ্তা, ১৯ মে’: কেন্দ্রীয় মানৱ সম্পদ বিকাশ মন্ত্রী ৰমেশ পোখৰিয়াল নিশাংকই সোমবাৰে চেণ্ড্রেল ব’ড অৱ ছেকেণ্ডাৰী এডুকেচন চমুকৈ চিবিএছইৰ দশম আৰু দ্বাদশ শ্রেণীৰ বাকী থকা বিষয়ৰ পৰীক্ষাসূচী ঘোষণা কৰিছে৷
কেন্দ্রীয় মন্ত্রীগৰাকীয়ে ১ জুলাইৰ পৰা ১৫ জুলাইলৈকে দশম আৰু দ্বাদশ শ্রেণীৰ পৰীক্ষা অনুষ্ঠিত হ’ব বুলি কিছুদিন পূর্বে সদৰী কৰাৰ পিছত দুয়োটা শ্রেণীৰ বাকী থকাৰ পৰীক্ষাসূচী ঘোষণা কৰে৷ ঘোষিত পৰীক্ষাসূচী অনুসৰি দ্বাদশ শ্রেণীৰ হোম ছায়েঞ্চ (গার্হস্থ্য বিজ্ঞান)ৰ পৰীক্ষা ১ জুলাইত অনুষ্ঠিত হ’ব৷ ৯ জুলাইত বিজিনেছ ষ্টাডিজ, ১০ জুলাইত বায়’টেকনলজী, ১১ জুলাইত জি’গ্রাফী প্রশ্ণকাকতৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ দ্বাদশ শ্রেণীৰ পদার্থ বিজ্ঞানৰ পৰীক্ষা ৩ জুলাইত, একাউটেন্সীৰ পৰীক্ষা ৪ জুলাইত আৰু ৬ জুলাইত অনুষ্ঠিত হ’ব ৰসায়ন বিজ্ঞানৰ পৰীক্ষা৷
আনপিনে দশম শ্রেণীৰ বাকী থকা পৰীক্ষাসমূহ চাৰিটা দিনত অনুষ্ঠিত হ’ব৷ ১ জুলাইত ছ’চিয়েল ছায়েঞ্চ (সমাজ বিজ্ঞান)ৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ বিপৰীতে ১০ জুলাইত দুয়োটা পাঠ্যক্রমৰ বাবে হিন্দীৰ পৰীক্ষা আৰু ১৫ জুলাইত দুয়োটা পাঠ্যক্রমৰ বাবে ইংৰাজী পৰীক্ষা অনুষ্ঠিত হ’ব৷ দশম শ্রেণীৰ এই পৰীক্ষাসমূহ কেৱল উত্তৰ–পূব দিল্লীতহে অনুষ্ঠিত হ’ব৷ কিয়নো ‘কা’বিৰোধী আন্দোলনৰ হিংসাৰ বাবেই উক্ত অঞ্চলত পৰীক্ষাসমূহ স্থগিত ৰাখিবলগীয়া হৈছিল৷ পৰীক্ষাসূচী ঘোষণা কৰি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে শিক্ষার্থীসকলক শুভেচ্ছা জ্ঞাপন কৰে৷
উল্লেখ্য যে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে ১৬ মে’ত পৰীক্ষাসূচী ঘোষণা কৰিব বুলি ইতিপূর্বে প্রকাশ কৰিছিল যদিও বিভিন্ন কাৰণত পিছুৱাই পৰীক্ষাসূচী আজি ১৮ মে’ত ঘোষণা কৰা হয়৷ চিবিএছইৰ পৰীক্ষা নিয়ন্ত্রক সান্যম ভৰদ্বাজে স্বাস্থ্য সম্পর্কে দিয়া নির্দেশনা অনুসৰি পৰীক্ষা গৃহলৈ শিক্ষার্থীসকলে মাস্ক পৰিধান কৰি অহাৰ লগতে ছেনিটাইজাৰৰ বটল আনিব লাগিব৷ পৰীক্ষার্থীসকলে সামাজিক দূৰত্ব অনুকৰণ কৰি পৰীক্ষা হললৈ অহাৰ লগতে পৰীক্ষার্থী ৰোগত আক্রান্ত নহয় বুলি অভিভাৱকে নিশ্চিত কৰি দিব লাগিব৷