কেন্দ্রীয় গৃহ মন্ত্রালয়ক স্থিতি স্পষ্ট কৰাৰ নির্দেশ
চূড়ান্ত পৰীক্ষাক লৈ ইউজিচিৰ চার্কুলাৰ সন্দর্ভত উচ্চতম ন্যায়ালয়
নিয়মীয়া বাৰ্তা ১ আগষ্টঃ বিশ্ববিদ্যালয়ৰ চূড়ান্ত পৰীক্ষা ছেপ্টেম্বৰৰ ভিতৰত সম্পূর্ণ কৰাৰ ইউনিভার্ছিটী গ্রাণ্ট কমিছন (ইউজিচি)ৰ চার্কুলাৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ শুনানি লৈ শুক্ৰবাৰে উচ্চতম ন্যায়ালয়ে অন্তর্ৱর্তীকালীন কোনো ৰায় নিদিয়াৰ লগতে ইউ জি চিৰ বিৰুদ্ধে জনোৱা আবেদনো খাৰিজ কৰাৰ কৰাৰ পৰা বিৰত থাকে৷ এই সন্দর্ভত উচ্চতম ন্যায়ালয়ে কেন্দ্রীয় গৃহ মন্ত্রালয়ক ইউজিচিৰ চার্কুলাৰক লৈ স্থিতি স্পষ্ট কৰাৰ নির্দেশ দিয়ে৷ সর্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অশোক ভূষণৰ বিচাৰপীঠে ভিডি’ কনফাৰেন্সযোগে আবেদনৰ শুনানি গ্রহণ কৰি এই বিষয়টোক লৈ কোনো ৰায় দিয়াৰ পৰা বিৰত থাকে আৰু পৰৱর্তী শুনানি ১০ আগষ্টত নির্ধাৰিত কৰে৷ ন্যায়াধীশ ভূষণৰ নেতৃত্বত এছ সুভাষ ৰেড্ডী আৰু এম আৰ শ্বাহৰ তিনিজনীয়া বিচাৰপীঠে পৰীক্ষা অনুষ্ঠিত কৰা কিম্বা স্থগিত কৰা সন্দর্ভত স্থিতি স্পষ্ট কৰি কেন্দ্রীয় গৃহ মন্ত্রালয়ক সাত আগষ্টৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ নির্দেশ দিয়ে৷ উল্লেখ্য যে ক’ভিড–১৯ সংকট আৰু কেইবাখনো ৰাজ্যত ভয়াৱহ বানপানীৰ বাবেই ইউজিচিৰ চার্কুলাৰৰ বিৰুদ্ধে দেশৰ কেইবাখনো বিশ্ববিদ্যালয়ৰ শিক্ষার্থীয়ে আবেদন জনাইছিল৷ আবেদনত এই পৰীক্ষা স্থগিত ৰখাৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল৷ শুক্ৰবাৰে শুনানিত ইউজিচি আৰু কেন্দ্রীয় চৰকাৰৰ হৈ ছলিচেটৰ জেনেৰেল তুষাৰ মেহতাই উপস্থিত থাকি দেশৰ ৮০০ বিশ্ববিদ্যালয়ৰ ভিতৰত ২০৯খনেহে পৰীক্ষা সম্পূর্ণ কৰিছে আৰু প্রায় ৩৯০খনে পৰীক্ষা আয়োজনৰ প্রক্রিয়া চলাইছে বুলি যুক্তি প্রদর্শন কৰিলেও বিচাৰপীঠে তাক গ্রাহ্য নকৰি গৃহ মন্ত্রালয়ত স্থিতি স্পষ্ট কৰিবলৈ নির্দেশ দিয়ে৷