নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ কেন্দ্রৰ তিনি কৃষি আইন বাতিলৰ দাবীত সৰৱ হৈ থকা পঞ্জাবৰ মুখ্যমন্ত্রী অমৰিন্দৰ সিঙে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ দিছে৷ যদি কেন্দ্রীয় চৰকাৰৰ এই তিনি কৃষি আইনৰ বিৰুদ্ধে পঞ্জাব বিধানসভাই গৃহীত কৰা বিধেয়কত ৰাষ্ট্রপতিয়ে অনুমোদন নজনায়, তেন্তে ৰাজ্যখনৰ চৰকাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈ গোচৰ ৰুজু কৰিব৷
অমৰিন্দৰ সিঙে কংগ্রেছ চৰকাৰৰ চতুর্থ বর্ষপূর্তিত সংবাদ মাধ্যমৰ সৈতে মুখামুখি হৈ এই মন্তব্য কৰিছে৷ স্মর্তব্য যে পঞ্জাব চৰকাৰে কেন্দ্রৰ বিতর্কিত কৃষি আইনৰ বিৰুদ্ধে কেইবাখনো বিধেয়ক বিধানসভাত গৃহীত কৰিছে৷ কিন্তু দুর্ভাগ্যজনকভাৱে ৰাজ্যপালে ৰাষ্ট্রপতিৰ অনুমোদনৰ বাবে এই বিধেয়কবোৰ প্রেৰণ কৰাৰ পৰা বিৰত আছে বুলিও মন্তব্য কৰে অমৰিন্দৰ সিঙে৷
স্মর্তব্য যে এই বিধেয়কবোৰত সকলো ৰাজনৈতিক দলেই সমর্থন জনোৱা সত্ত্বেও ৰাজ্যপালে ৰাষ্ট্রপতিৰ ওচৰলৈ বিধেয়ককেইখন প্রেৰণ নকৰাটো পৰিতাপৰ বিষয় বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্রীগৰাকীয়ে৷