ভাৰতত বৃদ্ধি ক’ৰোনাৰ সংক্ৰমণ, চৰকাৰে বন্ধ কৰিলে ক’ভিশ্বিল্ডৰ ৰপ্তানি
নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ ভাৰতত ক’ৰোনাৰ দ্বিতীয় পৰ্যায়ৰ সংক্ৰমণ ক্ৰমান্বয়ে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিশেষজ্ঞই আশংকা প্ৰকাশ কৰা মতে, ক’ৰোনাৰ দ্বিতীয় পৰ্যায়ে বিপজ্জনক ৰূপ ল’ব পাৰে।
এনে পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ পদক্ষেপ, সেই অনুযায়ী চৰকাৰে ক’ৰোনা ভেকচিন ‘ক’ভিশ্বিল্ড’ৰ ৰপ্তানি বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। অক্সফোর্ড -এস্ট্রোজেনেকাৰ দ্বাৰা প্ৰস্তুত কৰা ‘ক’ভিশ্বিল্ড’ভেকচিন সম্প্ৰতি দেশত প্ৰয়োগ কৰি থকা হৈছে।
উল্লেখ্য, মহাৰাষ্ট্ৰত ক’ৰোনাৰ সংক্ৰমণৰ বৃদ্ধিয়ে পূৰ্বৰ দৰে ৰূপ লোৱাৰ আশংকা কৰা হৈছে । আজি স্বাস্থ্য মন্ত্রালয়ৰ পৰা পোৱা তথ্য অনুযায়ী, বিগত ২৪ ঘণ্টাত দেশত ৫৩ হাজাৰ ৪৭৬গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈছে। আনহাতে ২৪ ঘণ্টাত দেশজুৰি ক’ৰোনাত আক্রান্ত হৈ মৃত্যুমুখত পৰিছে ২৫১গৰাকী লোক।