নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষকলৈ চৰকাৰৰ প্ৰস্তাৱ প্ৰেৰণ, সিংঘু সীমান্তত আলোচনাত বহিছে কৃষক

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ কালি ভাৰত বন্ধৰ সফলতাৰ পিছতে কেন্দ্ৰৰ পৰা অহা প্ৰস্তাৱ অনুযায়ী গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে নিশা ৭ বজাৰ পৰা প্ৰায় ১২ বজালৈ বৈঠক অনুষ্ঠিত হয় কৃষক আন্দোলনৰ ১৪ গৰাকী নেতা আৰু শ্বাহ প্ৰমুখ্যে আন কেন্দ্ৰীয় নেতাৰ মাজত। বৈঠকৰ অন্তত কৃষকে বিচৰা মতে কোনো সমাধান নোলায় যদিও আজি অনুষ্ঠিত হ’বলগীয়া কৃষক-কেন্দ্ৰীয় চৰকাৰৰ বৈঠক বাতিল কৰা হয় আৰু ইয়াৰ পৰিৱৰ্তে আজি কৃষকলৈ প্ৰেৰণ কৰা হয় কেইটামান প্ৰস্তাৱ।

ইতিমধ্যে কৃষকৰ হাতত পৰা চৰকাৰৰ প্ৰস্তাৱ অনুযায়ী- MSP বাতিল কৰা নহয়, APMCৰ ক্ষেত্ৰত বহু পৰিৱৰ্তন অনা হ’ব, কণ্ট্ৰেক ফাৰ্মিঙৰ ক্ষেত্ৰত কোৰ্টত যোৱাৰ ক্ষেত্ৰত কৃষকক অধিকাৰ দিয়া হ’ব, ব্য়ক্তিগত প্ৰতিষ্ঠানে ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু তেওঁলোকৰ ওপৰত কৰ নিৰ্ধাৰণৰ অনুমতি দিয়া হ’ব, প্ৰয়োজনত ফাষ্ট ট্ৰেক আদালত গঠন কৰিব পৰা যাব, সম্প্ৰতি ইলেক্ট্ৰিচিটী এমেণ্ডমেণ্ট বিল দাখিল কৰা নহ’ব, ইয়াৰ সংশোধন কৰাৰ পিছত সদনত দাখিল কৰা হ’ব।

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী (ৰাজ্যিক) সোম প্ৰকাশে কালিৰ বৈঠক সম্পৰ্কে জানিবলৈ দি কয় যে  গৃহমন্ত্ৰী অমিত শ্বাহে কৃষকে বিচৰা সকলোখিনি সংশোধনেই কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে আৰু সেইমতে আজি কৃষকক প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে। বৰ্তমান সংযুক্ত কৃষক মৰ্চাই সিংঘু সীমান্তত এই সম্পৰ্কে আলোচনা কৰি আছে। কৃষকৰ ফালৰ পৰা কি সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰে সেয়া সময়ত জনা যাব।

You might also like