নিয়মীয়া বাৰ্তা, ২৪ জুলাইঃ ভাৰতীয় সেনাত মহিলা বিষয়াক স্থায়ী নিযুক্তিৰ বাবে কেন্দ্রীয় চৰকাৰে আনুষ্ঠানিক নির্দেশ দিলে৷ উচ্চতম ন্যায়ালয়ে সেনাত মহিলাক লৈ মানসিকতা সলনি কৰিব লাগে বুলি কেন্দ্রীয় চৰকাৰক আহ্বান জনোৱাৰ ৫ মাহৰ পিছত আজি কেন্দ্রীয় চৰকাৰে ভাৰতীয় সেনাৰ ১০টা শাখাত মহিলা বিষয়াক নিযুক্তিৰ বাবে নির্দেশ দিলে৷ সেনাৰ মুখপাত্র কর্নেল আমান আনন্দে কেন্দ্রীয় চৰকাৰৰ এই নির্দেশনা সন্দর্ভত প্রকাশ কৰি কয় যে ভাৰতীয় সেনাত মহিলা বিষয়াৰ সবলীকৰণৰ পথ মুকলি কৰা হ’ল৷ ছর্ট ছার্ভিচ কমিছনড (এছএছচি) মহিলা বিষয়াসকলক ভাৰতীয় সেনাৰ ১০টা শাখাত স্থায়ী নিযুক্তি দিয়া হ’ব৷
সেনাৰ বায়ু প্রতিৰক্ষা, ছিগনেলছ, ইঞ্জিনীয়ার্ছ, আর্মী এভিয়েচন, ইলেক্ট্রনিকছ এণ্ড মেকানিকেল ইঞ্জিনীয়ার্ছ, আর্মী ছার্ভিচ কর্পছ আৰু অনুসন্ধান সেৱাত নিয়োগ কৰা হ’ব বুলি মুখপাত্রগৰাকীয়ে প্রকাশ কৰিছে৷ তদুপৰি সেনাৰ বিচাৰ আৰু এডভোকেট জেনেৰেল, সেনাৰ শৈক্ষিক বিভাগত এই মহিলা বিষয়াসকলক স্থায়ী নিযুক্তি দিয়া হ’ব৷ এইক্ষেত্রত শীঘ্রেই ছিলেকচন ব’র্ডে কর্মৰত এছএছচি মহিলা বিষয়াসকলৰ নিযুক্তিৰ ক্ষেত্রত প্রক্রিয়া আৰম্ভ কৰিব৷
উল্লেখ্য যে এছএছচি পুৰুষ বিষয়াসকলে ১০ বছৰ সেৱা আগবঢ়োৱাৰ পিছত স্থায়ী নিযুক্তি লাভ কৰাৰ প্রক্রিয়া আছে যদিও মহিলাৰ ক্ষেত্রত এই সুবিধা নাছিল৷ তেওঁলোকক সেনাৰ কমাণ্ডত নিযুক্তিৰ পৰা আঁতৰাই ৰখাৰ লগতে চৰকাৰী পেন্সনৰ পৰাও বঞ্চিত হৈ আছিল৷ কিয়নো এগৰাকী বিষয়া হিচাপে ২০ বছৰ কর্মৰত হোৱাৰ পিছতে পেন্সনৰ সুবিধা আছিল৷ সেনাবাহিনীত লিংগবৈষম্য চলি থকাৰ প্রতি উদ্বিগ্ণতা প্রকাশ কৰি উচ্চতম ন্যায়ালয়ে মানসিকতা সলনিৰ আহ্বান জনাই যোৱা ১৭ ফেব্রুৱাৰীত মহিলা বিষয়াক স্থায়ী নিযুক্তিৰ বাবে কেন্দ্রীয় চৰকাৰক পদক্ষেপ ল’বলৈ আহ্বান জনাইছিল৷ সেইমর্মেই কেন্দ্রীয় চৰকাৰে ভাৰতীয় সেনাত মহিলাৰ স্থায়ী নিযুক্তিৰ নির্দেশ দিয়ে৷