ঈশ্বৰে মানুহক এনে এক সম্পদ দিছে যিটো এই পৃথিৱীত বাস কৰা কোনো প্ৰাণীৰে নাই। সেয়া হৈছে মানুহৰ মগজু। মগজু সকলোৰে আছে, কিন্তু সকলোৱে ইয়াক সিমান দ্ৰুতগতিত চলাব নোৱাৰে। আৰু যিজনে ইয়াক ভালদৰে প্ৰয়োগ কৰিব পাৰে তেওঁৱে পৃথিৱীত শাসন কৰে।
এইগৰাকী ব্ৰিটিছ মহিলাৰ কাহিনী শুনিলে আপুনি হয়টো এই কথা উপলদ্ধি কৰিব। তেওঁ কাৱাৰীৰ পৰা মাত্ৰ ৫০০ টকাত এখন চকী কিনিছিল আৰু মহিলাগৰাকীয়ে এনেদৰে মগজু চলাইছিল যে তেওঁ ৫০০টকীয়া চকীখনৰ পৰা ১৬ লাখ টকা উপাৰ্জন কৰিছিল। কিন্তু কেনেকৈ!
দৰাচলতে মহিলাগৰাকীয়ে কাৱাৰীৰ পৰা ক্ৰয় কৰা এই সাধাৰণ চকীখন নিলাম কৰাৰ চিন্তা কৰিলে। আশ্চৰ্যজনকভাৱে বহুলোকে চকীখনৰ বাবে নিবিদা দিবলৈ আগবাঢ়ি আহিল আৰু তেওঁ চকীখন অৱশেষত ১৬ লাখ টকাত নিলাম কৰিলে।
কাৱাৰীৰ পৰা ক্ৰয় কৰা চকীখন কেনেকৈ ১৬ লাখত বিক্ৰী হ’ল?
নিলামৰ পূৰ্বে সামগ্ৰীবোৰৰ মূল্য নিৰ্ধাৰণ কৰা এজন ব্যক্তিয়ে মহিলাগৰাকীক কৈছিল যে এই চকীখন সাধাৰণ চকী নহয়! এইখন চকী ১৯০২ চনত অষ্ট্ৰিয়াৰ চিত্ৰশিল্পী কলোমন মোজাৰে ডিজাইন কৰা অষ্ট্ৰিয়াৰ বিংশ শতিকাৰ আৰ্চ স্কুলৰ আছিল। যাৰবাবে সকলোৱে দাম দি হ’লেও চকীখন সংগ্ৰহ কৰিবলৈ আগ্ৰহ কৰিছিল।