নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাথৰাছৰ ধর্ষণ–হত্যাৰ চাৰি অভিযুক্তৰ বিৰুদ্ধে চার্জশ্বিট

নিয়মীয়া বাৰ্তা ১৯ ডিচেম্বৰঃ উত্তৰ প্রদেশৰ হাথৰাছত ১৯ বছৰীয়া দলিত সম্প্রদায়ৰ যুৱতী এগৰাকীক বলাৎকাৰ তথা নৃশংসভাৱে হত্যা কৰা ৪ অভিযুক্তৰ বিৰুদ্ধে চিবিআয়ে চার্জশ্বীট দাখিল কৰিছে৷ যোৱা ১৪ ছেপ্ঢেম্বৰত উচ্চ বর্ণৰ চাৰিজন লোকে গণধর্ষণ চলোৱাৰ পিছত নৃশংসভাৱে হত্যা কৰিছিল অনুসূচিত জাতিৰ ১৯ বছৰীয়া যুৱতীগৰাকীক৷ লক্ষণীয়ভাৱে বলাৎকাৰৰ পিছত নৃশংস আতিশয্যৰ সন্মুখীন হোৱা যুৱতীগৰাকীক দিল্লীৰ ছফডৰজং হাস্পতালত চিকিৎসা কৰা হৈছিল যদিও ২৯ ছেপ্ঢেম্বৰত যুৱতীগৰাকীৰ মৃত্যু হয়৷

উত্তৰ প্রদেশৰ এই পাশৱিক ধর্ষণ তথা হত্যাৰ ঘটনাক লৈ দেশজুৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ স্মর্তব্য যে ৩০ ছেপ্ঢেম্বৰত পৰিয়ালৰ সদস্যসকলৰ অনুপস্থিতিত হাথৰাছৰ আৰক্ষীয়ে যুৱতীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰিছিল৷ লক্ষণীয়ভাৱে হাথৰাছৰ আৰক্ষীয়ে পৰিয়ালৰ সন্মতিক্রমে যুৱতীগৰাকীৰ শেষকৃত্য ঘৰৰ সমীপতে সম্পন্ন কৰা বুলি দাবী কৰিছিল যদিও অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ উপৰি যুৱতীগৰাকীৰ শৰীৰত থকা আক্রমণৰ চিন গোপন কৰিবলৈ এনে কার্য কৰিছিল বুলি অভিযোগ উঠিছিল৷ চিবিআয়ে এই ঘটনা সন্দর্ভত তদন্ত চলাই চার্জশ্বিট দাখিল কৰাৰ পিছতে আজি সংবাদ মাধ্যমত বিষয়টোৱে চর্চা লাভ কৰিছে৷

You might also like