নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ ৰাজ্যত সস্তা বীয়েৰ

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ ৰাজ্য উত্তৰ প্রদেশত সস্তা বীয়েৰ৷ ৰাজ্য চৰকাৰে নতুন আবকাৰী নীতি অনুসৰি বীয়েৰৰ মূল্য ২০ টকা হ্রাস কৰিছে৷ গুৰুত্বপূর্ণ যে উত্তৰ প্রদেশত বীয়েৰ সেৱন কৰা লোকৰ সংখ্যা বর্ধিত হোৱাৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে বীয়েৰৰ মূল্য হ্রাস কৰিছে৷

মন কৰিবলগীয়া যে ক’ভিড–১৯ মহামাৰীৰ পৰিপ্রেক্ষিতত বীয়েৰৰ বিক্রী অস্বাভাৱিকভাৱে হ্রাস পাইছে৷ ২০২০ চনৰ এপ্রিলৰ পৰা নৱেম্বৰলৈকে মাত্র ১৭.২৮ কোটি বটল বীয়েৰ বিক্রী হৈছিল৷ ইয়াৰ পূর্বে উক্ত সময়ছোৱাত ৰাজ্যখনত ২৭.০৮ কোটি বটল বীয়েৰ বিক্রী হৈছিল৷ এনে পৰিপ্রেক্ষিততে ৰাজ্য চৰকাৰে নতুন আবকাৰী নীতি অনুসৰি বীয়েৰৰ মূল্য হ্রাস কৰিছে৷

তদুপৰি বীয়েৰ দোকানৰ খুচুৰা বিপণীৰ বার্ষিক অনুজ্ঞাপত্রৰ মাচুল সলনি নকৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ অৱশ্যে ইংলিছ বীয়েৰৰ বিভিন্ন ব্রেণ্ডৰ মূল্য ১৫ৰ পৰা ২০ শতাংশ বৃদ্ধি কৰা হৈছে৷

You might also like