ক’ভিড শংকাঃ বাঁহৰ লাঠীৰে বৰমালা পিন্ধালে দৰা–কইনাই
নিয়মীয়া বাৰ্তা ৬ মেঃ মহামাৰী ক’ভিড–১৯এ সামাজিক জীৱনৰ লগতে মানুহৰ জীৱনশৈলীলৈ পৰিৱর্তন আনিছে৷ ঘাতক ভাইৰাছটোৰ পৰা নিজকে বচাই ৰাখিবলৈ বিশেষ দিনসমূহ উদ্যাপন কৰাৰ বাবে নতুন নতুন কৌশল উদ্ভাৱন কৰিবলগীয়া হৈছে৷ পি পি ই কিট পিন্ধি বিবাহপাশত আবদ্ধ হোৱাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত এইবাৰ সামাজিক দূৰত্ব বর্তাই ৰাখিবলৈ অর্থাৎ ক’ভিড প্রট’কল মানি দৰা–কইনাই বৰমালা পিন্ধাবৰ বাবে বাঁহৰ লাঠীৰ আশ্রয় লোৱা ভিডিঅ’ চর্চাৰ মাজলৈ আহিছে৷ ছত্তিশগড়ৰ অতিৰিক্ত পৰিবহণ আয়ুক্ত দীপাংশু কাব্রাই টুইটাৰত প্রচাৰ কৰা বিবাহৰ ভিডি’ এটাক লৈ চর্চা চলি আছে৷
কাব্রাই ভিডিঅ’টো প্রচাৰ কৰি টুইটাৰত লিখিছে ক’ৰোনাৰ সময়ত বিবাহ কার্যসূচী সফল কৰিবলৈ ইভেণ্ট মেনেজাৰসকলে নতুন নতুন কৌশল উদ্ভাৱন কৰিছে৷ ভিডি’টোত প্রত্যক্ষ কৰা মতে সম্পূর্ণ নিয়মানুসাৰে বিবাহ মণ্ডপত থকা দৰা–কইনাই তেওঁলোকৰ বৰমালা বাঁহৰ লাঠীৰে ইজনে সিজনক অর্পণ কৰিছে৷ এডাল লাঠীৰে দৰাই কইনাক বৰমালা পিন্ধোৱাৰ পিছত আন এডাল লাঠীৰে কইনাই দৰাক বৰমালা পিন্ধাইছে৷ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত প্রচাৰ হোৱাৰ পিছতে মিনিটতে ১০ সহস্রাধিক লোকে প্রত্যক্ষ কৰিছে আৰু সহস্রাধিক লোকে পছন্দ কৰিছে৷ মন কৰিবলগীয়া যে বিভিন্নজনে এই বিবাহখনক লৈ বিভিন্ন মত প্রকাশ কৰিছে৷ কিছুসংখ্যকে সামাজিক দূৰত্ব বর্তাই ৰখাৰ বাবে দৰা–কইনাৰ লগতে পৰিয়ালক প্রশংসা কৰিছে৷ অৱশ্যে আন একাংশই বাজে কথা বুলিও মন্তব্য কৰিছে৷