বিজেপিৰ প্ৰতীক সম্বলিত পোছাক পিন্ধি ভোটকেন্দ্ৰত ঘুৰিছে মুখ্যমন্ত্ৰীয়ে
ভোটৰ দিনা বিজেপিৰ চাদৰ পৰিধান কৰি ভোটকেন্দ্র লৈ গৈ নির্বাচনী বিধি উলংঘনৰ অভিযোগ উঠিছে উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী পুষ্কৰ সিং ধামি আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে । ধামি আৰু বিজেপিৰ উত্তৰাখণ্ড ইউনিটৰ টুইটাৰ একাউণ্টসহ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা ফটোত মুখ্যমন্ত্রীক তেওঁৰ সমষ্টি খাতিমাৰ ভোট কেন্দ্রত বিজেপিৰ ৰং আৰু প্রতীক সম্বলিত কাপোৰ পিন্ধি ঘূৰি ফুৰা দেখা গৈছে।
মুখ্যমন্ত্ৰীৰ পত্নী গীতাকো পুৱা ভোট দিয়াৰ পাছত বিজেপিৰ স্কার্ফ পিন্ধি ভোটকেন্দ্রত প্রচাৰ চলোৱা দেখা গৈছে। আৰু কেবাজনো বিজেপি কর্মীক একেধৰণে দেখা গৈছে। নিৰাপত্তাকর্মী বা ভোটগ্রহণ কর্তৃপক্ষক কোনো ব্যৱস্থা লোৱা দেখা যোৱা নাই। আম আদমী পার্টীৰ উত্তৰাখণ্ড ইউনিটে ভোটাৰৰ মাজত ধন বিতৰণৰ অভিযোগ কৰাৰ ঠিক পাছতে ধামিৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ-বিধি উলংঘনৰ অভিযোগ উঠিছে।