নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রী কেজৰিৱালসহ বিধায়কে ফালিলে কৃষি আইনৰ প্রতিলিপি

নিয়মীয়া বার্তা,  ১৮  ডিচেম্বৰঃ কেন্দ্রীয় চৰকাৰৰ নতুন তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীত পঞ্জাব কৃষকৰ নেতৃত্বত দেশৰ ৪০ কৃষক সংগঠনে চলাই থকা প্রতিবাদী কার্যসূচীক মুকলিকৈ সমর্থন কৰা দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে আজি কৃষি আইনৰ প্রতিলিপি ফালি প্রতিবাদ সাব্যস্ত কৰে৷ কৃষি আইনক লৈ দিল্লী বিধানসভাৰ বিশেষ অধিৱেশন অনুষ্ঠিত কৰি  দিল্লীৰ মুখ্যমন্ত্রী কেজৰিৱালসহ কেইবাগৰাকীও বিধায়কে আইনৰ প্রতিলিপি ফালি প্রতিবাদ সাব্যস্ত কৰে৷ তদুপৰি তিনি কৃষি আইনক দিল্লী বিধানসভাই প্রত্যাখ্যান কৰি কেন্দ্রীয় চৰকাৰক এই তিনি ক’লা আইন প্রত্যাহাৰ কৰিবলৈ আহ্বান জনায়৷

প্রতিবাদী কৃষকক মুকলি সমর্থন কৰা দিল্লী আম আদমী পার্টী চৰকাৰে সীমান্তত বাহৰ পাতি থকা কৃষকক সাক্ষাৎ কৰাই নহয়, কৃষক সংগঠনৰ অনশনতো অংশ লৈছিল৷ বিশেষ অধিৱেশনত মুখ্যমন্ত্রী কেজৰিৱালে কয়– মহামাৰীৰ সময়ত সংসদত তিনি কৃষি আইন গৃহীত কৰিবলৈ তৎপৰতা কিয় প্রদর্শন কৰিলে, এইটো প্রথমবাৰৰ বাবে হৈছে৷ ৰাজ্যসভাত ভোট অবিহনে তিনি আইন গৃহীত কৰা হৈছিল৷ সেই বাবেই তিনি কৃষি আইন এই বিধানসভাত ফালি পেলোৱা হ’ল আৰু কেন্দ্রক ব্রিটিছতকৈ অধিক নিকৃষ্ট নহ’বলৈ আহ্বান জনোৱা হ’ল৷

তাৎপর্যপূর্ণ যে মুখ্যমন্ত্রী কেজৰিৱালে টুইটযোগ দিল্লী বিধানসভাই তিনি কৃষি আইন প্রত্যাখ্যান কৰা বুলি উল্লেখ কৰাৰ লগতে ২০ দিনৰ প্রতিবাদত ২০জন কৃষকে প্রাণ হেৰুৱালে বুলি কয়৷ গড়ে এই আন্দোলনত প্রতিদিনে এজনকৈ কৃষক শ্বহীদ হোৱা বুলিও টুইটত কয় মুখ্যমন্ত্রীগৰাকীয়ে৷

You might also like