নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰাখণ্ডত সংকটঃ মুখ্যমন্ত্রী তিৰথ সিং ৰাৱাটৰ পদত্যাগৰ প্রস্তাৱ

নিয়মীয়া বাৰ্তা ৩ জুলাইঃ উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী তিৰথ সিং ৰাৱাটে বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডালৈ পদত্যাগৰ প্রস্তাৱ আগবঢ়াই পত্র লিখিছে৷

উল্লেখ্য যে যোৱা ১০ মার্চত মুখ্যমন্ত্রী ত্রিবেন্দ্র সিং ৰাৱাটৰ স্থানত মুখ্যমন্ত্রী হিচাপে তিৰথ সিং ৰাৱাটক দায়িত্ব দিয়া হৈছিল৷ মুখ্যমন্ত্রী তিৰথ সিং ৰাৱাট এগৰাকী সাংসদ হৈ আছিল যদিও বিধানসভালৈ নির্বাচিত হোৱা নাই৷ সাংবিধানিক নিয়ম অনুযায়ী ছমাহৰ ভিতৰত মুখ্যমন্ত্রীগৰাকী বিধানসভালৈ নির্বাচিত হ’ব লাগে যদিও ক’ৰোনা ভাইৰাছৰ বাবে নির্বাচন অনুষ্ঠিত কৰাৰ সম্ভাৱনা ক্ষীণ৷ এনে পৰিপ্রেক্ষিততে মুখ্যমন্ত্রী তিৰথ সিং ৰাৱাটে পদত্যাগ পত্র লিখিছে বিজেপিৰ ৰাষ্ট্রীয় সভাপতিলৈ৷

সাংবিধানিক সংকটৰ প্রতি লক্ষ্য ৰাখি মুখ্যমন্ত্রীগৰাকীয়ে পদত্যাগৰ প্রস্তাৱ আগবঢ়োৱাৰ পিছতেই কাইলৈ দলৰ নিৰীক্ষক হিচাপে উত্তৰাখণ্ডলৈ যাব কেন্দ্রীয় মন্ত্রী নৰেন্দ্র সিং টোমৰ৷ কেন্দ্রীয় মন্ত্রীগৰাকীৰ উপস্থিতিতেই বিজেপিৰ বিধায়কসকলৰ মাজত বৈঠক অনুষ্ঠিত হ’ব৷

মন কৰিবলগীয়া যে মুখ্যমন্ত্রীগৰাকীৰ কার্যকাল ১০ ছেপ্টেম্বৰলৈ আছিল যদিও বর্তমান ক’ভিডসৃষ্ট পৰিস্থিতিত উপ–নির্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা নাই৷

You might also like