চীনত তিনি দিন পিছত সমাধিৰ পৰা জীৱন্তে উদ্ধাৰ মহিলাক
নিয়মীয়া বাৰ্তা ৯ মেঃ চীনত এগৰাকী মহিলাক পুত্রই সমাধিস্থ কৰাৰ তিনি দিন পিছত কবৰৰ পৰা জীৱন্তে উদ্ধাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ পক্ষাঘাতগ্রস্ত মহিলাগৰাকীক পুত্রই ঘৰৰ পৰা নি জীৱন্ত অৱস্থাতে সমাধিস্থ কৰিছিল৷ পুত্রৰ এই পাশৱিক কাণ্ডৰ কথা পত্নীয়ে আৰক্ষীক জনোৱাৰ পিছতে আৰক্ষীয়ে কবৰৰ পৰা উদ্ধাৰ কৰে মহিলাগৰাকীক৷ মুমূর্ষু অৱস্থাত কবৰৰ পৰা মহিলাগৰাকীক উদ্ধাৰ কৰাৰ পিছতে তেওঁৰ পুত্রক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ উত্তৰ চীনত সংঘটিত এই ঘটনাৰ পিছতে মানৱ অধিকাৰ সংস্থাসমূহে তীব্র ক্ষোভ প্রকাশ কৰিছে৷ ২ মে’ত ছানঝি প্রদেশৰ জিংবিয়ানত সংঘটিত হৈছে এই ঘটনা৷ চাইনা ডেইলিয়ে প্রকাশ কৰা অনুসৰি মহিলাগৰাকীৰ পুত্রক ইতিমধ্যে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ গ্রেপ্তাৰ হোৱা লোকজনৰ নাম য়ান বুলি উল্লেখ কৰিছে আৰক্ষীয়ে৷ ৫৮ বছৰীয়া য়ানে ৭৯ বছৰীয়া মাতৃ ৱাঙক এনেদৰে জীৱন্তে সমাধিস্থ কৰাৰ কাৰণ হৈছে দীর্ঘদিন চিকিৎসা কৰিও তেওঁ মাতৃক সুস্থ কৰি তুলিব পৰা নাই৷ গতিকে মাতৃক দুখ–যন্ত্রণাৰ পৰা পৰিত্রাণ দিয়াবলৈ এনে সিদ্ধান্ত য়ানে গ্রহণ কৰিছিল বুলি আৰক্ষীক জনাইছে৷ কিন্তু এই শিহৰণকাৰী ঘটনাই দেশখনত চাঞ্চল্যৰ সৃষ্টি কৰাৰ পিছতেই আৰক্ষীয়ে বিভিন্ন গোচৰ জাপি দিছে য়ানৰ ওপৰত৷ লক্ষণীয়ভাৱে চীনৰ গ্রামাঞ্চলৰ দুখীয়া লোকসকলে চৰকাৰৰ সাহায্যৰ পৰা বঞ্চিত হৈ অহা বুলি সঘনে পাশ্চাত্যৰ সংবাদ মাধ্যমে অভিযোগ কৰি আহিছে৷ আনকি চিকিৎসা সাহায্যৰ ক্ষেত্রতো চীনৰ গ্রামাঞ্চলৰ দুখীয়া লোকসকল বঞ্চিত হোৱা বুলি সঘনে অভিযোগ উত্থাপন হয়৷ অৱশ্যে শেহতীয়াকৈ ক’ৰোনা ভাইৰাছ মহামাৰীৰ মোকাবিলা কৰাৰ ক্ষেত্রত বিশ্বজুৰি নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে চীন৷