চীনৰ সামৰিক বাহিনীৰ চাইবাৰ আক্রমণক লৈ উদ্বিগ্ন বিশ্ব সম্প্রদায়
জাপান আৰক্ষীৰ অভিযোগৰ পিছতে চাঞ্চল্য
নিয়মীয়া বাৰ্তা ১৮ মেঃ চীনৰ সামৰিক বাহিনীৰ তৰফৰ পৰা বিভিন্ন দেশত চাইবাৰ আক্রমণ চলি থকা বুলি জাপানে অভিযোগ কৰাৰ পিছতে বিশ্বজুৰি বিষয়টোক লৈ ব্যাপক চর্চা চলিছে৷ জাপানৰ আৰক্ষীৰ মুৰব্বী মিটছুহিৰো মাটছুম’টোৱে আনুষ্ঠানিকভাৱে দেশখনত চীনৰ চাইবাৰ আক্রমণ চলা বুলি ঘোষণা কৰিছিল৷ আনকি চাইবাৰ আক্রমণকাৰীক চিনাক্তও কৰিছে জাপানৰ আৰক্ষীয়ে৷ ট’কি’ৰ মেট্র’পলিটান আৰক্ষী বিভাগে ২০ এপ্রিলত চীনৰ এগৰাকী ছিষ্টেম ইঞ্জিনীয়াৰৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে৷
উল্লেখনীয় যে এই অভিযন্তাগৰাকী চীনৰ কমিউনিষ্ট পার্টীৰ সদস্য৷ জাপানৰ এৰ’স্পেচ এক্সপ্ল’ৰেচন এজেন্সীত চীনা ছিষ্টেম ইঞ্জিনীয়াৰগৰাকীয়ে চাইবাৰ আক্রমণ চলাইছিল বুলি অভিযোগ কৰিছে৷ ইয়াৰ পিছতে বিশ্বজুৰি চাইবাৰ নিৰাপত্তাৰ ক্ষেত্রত থকা সকলো বিভাগে চীনৰ সামৰিক বাহিনীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণৰ দাবী জনাইছে৷ ২০১৬ আৰু ২০১৭ চনত চীনৰ সামৰিক বাহিনীয়ে জাপানৰ দুই শতাধিক কোম্পানী তথা চৰকাৰী প্রতিষ্ঠানত চাইবাৰ আক্রমণ চলাইছিল বুলিও অভিযোগ আনিছে ট’কিঅ’ প্রশাসনে৷
অৱশ্যে বেইজিং প্রশাসনে বাৰে বাৰে এই অভিযোগ অগ্রাহ্য কৰি আহিছে৷ কিন্তু শেহতীয়াকৈ জাপান আৰক্ষীৰ অভিযোগক গুৰুত্ব প্রদান কৰি বিশ্বৰ বিভিন্ন দেশে চীনৰ সামৰিক বিশেষজ্ঞসকলৰ ওপৰত কঠোৰ নজৰ ৰখাৰ দাবী তুলিছে৷ তাৎক্ষণিকভাৱে শেহতীয়া ঘটনাক লৈ বেইজিং প্রশাসনে প্রতিক্রিয়া প্রকাশ কৰা নাই যদিও এই ঘটনাই বিশ্ব সম্প্রদায়ৰ সৈতে চীনৰ মতানৈক্য বৃদ্ধি কৰাৰ আশংকা আছে৷