নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতক ঘেৰি ধৰাৰ প্ৰস্তুতি চীনৰ, পেণ্টাগণৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰঃ ভাৰত-চীনৰ মাজত প্ৰতিদিনে বাঢ়ি গৈ আছে বাদানুবাদ। চীনৰ তথ্য-প্ৰযুক্তিগত অৰ্থনীতিত ডিজিটেল ষ্ট্ৰাইকৰ জৰিয়তে ভাৰতে আঘাত হনাৰ সমান্তৰালকৈ লাডাখ সীমান্তত ক্ৰমান্বয়ে বৃদ্ধি হৈ আছে উত্তেজনা। এনে এক সময়তে ভাৰতৰ বাবে আছে এক আশংকাজনক খবৰ।

আমেৰিকাস্থিত পেণ্টাগনৰ এক প্ৰতিবেদন অনুসৰি জানিব পৰা গৈছে যে চীনে ভাৰতক চাৰিওফালৰ পৰা ঘেৰি ধৰাৰ আঁচনি প্ৰস্তুত কৰিছে। ভাৰতৰ চাৰিওদিশে থকা প্ৰায় এক ডজন দেশত সেনা ঘাটি স্থাপনৰ চিন্তা-চৰ্চা কৰিছে চীনা চৰকাৰে। বিগত দিনত চীনে নৌ-সেনা বিভাগটোক বিশ্বৰ একমাত্ৰ শক্তিশালী নৌ-সেনাৰ ৰূপ দিবলৈ সক্ষম হৈছে।

চীনে পাকিস্তান, শ্ৰীলংকা আৰু ম্যানমাৰত সেনা ঘাটি নিৰ্মাণেৰে ভাৰতৰ প্ৰতিৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ আশংকাৰ কথাও প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে। অকল ভাৰতে নহয় বিশ্বৰ বিভিন্ন দেশত নৌ-ঘাটি স্থাপনেৰে চীনে আমেৰিকাৰ সামৰিক অভিযানতো হস্তক্ষেপ কৰাৰ ৰণকৌশল ৰচনা কৰা বুলি প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে। এই অনুযায়ী থাইলেণ্ড, ছিংগাপুৰ, ইণ্ডোনেছিয়া, সংযুক্ত আৰৱ এমেৰিটাছ, কেনিয়া, টানজানিয়া, ওংগোলা, তাজাকিস্তান আদি দেশত ঘাটি স্থাপনৰ চেষ্টাত ব্ৰত আছে চীন।

You might also like