নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমান্তৰ ভূগর্ভত চীনে গোপনে মজুত কৰিছে পেট্র’ল–ইন্ধন

বেইজিঙৰ যুদ্ধৰ প্রস্তুতিত উদ্বিগ্ণ দিল্লী

নিয়মীয়া বাৰ্তা ১৯ ডিচেম্বৰঃ চুবুৰীয়া ৰাষ্ট্র চীনে মৌখিকভাৱে প্রতিশ্রুতি দিলেও দুই দেশৰ সীমান্তৰ সমীপত গোপনে আন্তঃগাঁথনি নির্মাণ কৰি থকাক লৈ উদ্বিগ্ণ নতুন দিল্লী৷ লাডাখৰ এল এ চিৰ পৰা হিমালয় পাদদেশৰ উত্তৰ–পূর্বাঞ্চলৰ অৰুণাচল প্রদেশৰ আন্তর্জাতিক সীমান্তৰ সমীপত আন্তঃগাঁথনি নির্মাণ কৰি থকা ৰঙা চীনে এইবাৰ কাৰাকৰম গিৰিপথৰ পৰা আকচাই চীনলৈ নতুন পথ নির্মাণৰ তথ্য পোহৰলৈ আহিছে৷ এল এ চিৰ পৰা কেইবাকিলোমিটাৰ নিলগত চীনে আন্তঃগাঁথনি নির্মাণ কৰি থকাৰ তথ্য কৃত্রিম উপগ্রহৰ আলোকচিত্রত ধৰা পৰিছে৷ এল এ চিৰ পৰা কেইকিলোমিটাৰমান নিলগত গ’ল মোডত ৰঙা চীনে আন্তঃগাঁথনি আৰু নতুন লজিষ্টিক ডিপো নির্মাণ কৰিছে৷ তথ্য মতে, কাৰাকৰম গিৰিপথৰ পৰা আকচাই চীনলৈ যাত্রাৰ সময় হ্রাস কৰাৰ বাবে নতুন পথ নির্মাণ কৰাই নহয়, অঞ্চলসমূহত চীনে সামৰিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে সা–সুবিধাৰ বাবে আন্তঃগাঁথনি নির্মাণ কৰিছে৷ কৃত্রিম উপগ্রহৰ আলোকচিত্রত ধৰা পৰা মতে, চীনে ভূ–গর্ভত পেট্র’লিয়াম সামগ্রী আৰু তেল জমা কৰিব পৰা সুবিধা নির্মাণ কৰিছে৷ চীনৰ সেনাৰ বাবে অতিকে গুৰুত্বপূর্ণ পথ হিচাপে চিহ্ণিত কাৰাকৰম গিৰিপথৰ পৰা আকচাই চীনলৈ নতুনকৈ পথ নির্মাণ কৰাৰ লগতে এই পথৰ সমীপত সামৰিক সক্ষমতা আৰু সুবিধা বৃদ্ধি কৰিছে৷ এই সামৰিক শক্তি–সক্ষমতাৰ যোগেদি দেশখনে ভাৰতক প্রত্যাহ্বান জনাব৷ উল্লেখ্য যে চীনে কাৰাকৰম গিৰিপথত ৮–১০ মিটাৰ বহল বিকল্প পথ নির্মাণ কৰাক লৈ নতুন দিল্লী গভীৰ উদ্বিগ্ণ হৈছে৷ কিয়নো এই পথটোৰ যোগেদি ভাৰতৰ ভূমিখণ্ডৰ দৌলত বেগ অ’ল্ডি ছেক্টৰলৈ যাত্রাৰ সময় প্রায় ২ ঘণ্টা হ্রাস হ’ব৷ ই চীনৰ বাবে অত্যন্ত লাভজনক হ’ব যদিও ভাৰতৰ বাবে এক প্রত্যাহ্বান হ’ব৷ ভাৰতীয় সেনাৰ এগৰাকী শীর্ষ বিষয়াই প্রকাশ কৰা মতে, কাৰাকৰম গিৰিপথৰ পৰা আকচাই চীন অঞ্চললৈ ইতিমধ্যে পথটো নির্মাণ হৈছে৷ অৱশ্যে ই এতিয়াও কেঁচা হৈয়ে আছে৷ এই অঞ্চলৰে ডাঙৰ ট্রাকেৰে গধুৰ সা–সামগ্রী কঢ়িয়াব পাৰি৷ তাৎপর্যপূর্ণ যে আকচাই চীন অঞ্চলটো ভাৰত আৰু চীনৰ বিবদমান অঞ্চল হিচাপে চর্চিত৷ ইয়াৰ পৰিপ্রেক্ষিতত বেইজিঙে আগ্রাসী মনোভাবেৰে উক্ত অঞ্চললৈ সংযোগী নতুন পথ নির্মাণ কৰাটোৱে দেশখনে গোপনে ভাৰতবিৰোধী কার্যকলাপ আগবঢ়াই নিয়াটো প্রমাণিত কৰিছে৷

You might also like