নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোগ্রা চকীৰ পৰা উভতিল ভাৰত–চীনৰ সেনা

নিয়মীয়া বাৰ্তা ৭ আগষ্টঃ পূব লাডাখৰ প্রকৃত নিয়ন্ত্রণ ৰেখা (এলএচি)ত সৃষ্টি হোৱা উত্তেজনাৰ অৱসান ঘটাবলৈ ভাৰত আৰু চীনৰ সামৰিক বিষয়া পর্যায়ৰ দ্বাদশ লানি আলোচনাৰ পিছতে উভয় দেশৰ সেনাই লক্ষণীয়ভাৱে বিবদমান চকীৰ পৰা নিজ নিজ বাহিনীৰ পশ্চাদসৰণ ঘটাইছে৷ গুৰুত্বপূর্ণ পইণ্ট পি পি ১৭এৰ পৰা নিজ নিজ স্থায়ী বাসিন্দা উভতিছে উভয় দেশৰ সৈনিক৷ লক্ষণীয়ভাৱে এই পইণ্টটোক গোগ্রা চকী হিচাপে জনা যায়৷

চাৰি আৰু পাঁচ আগষ্টত দুয়োখন দেশৰ সেনাই পূব লাডাখৰ এই গুৰুত্বপূর্ণ চকীটোৰ পৰা এলএচিৰ সমীপৱর্তী স্থায়ী শিবিৰলৈ উভতি যোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ লক্ষণীয়ভাৱে এই বিবদমান স্থানত উভয় দেশৰ সেনাই গঢ়ি তোলা সকলো অস্থায়ী আন্তঃগাঁথনি তথা শিবিৰ তাৎক্ষণিকভাৱে ভাঙি পেলোৱাৰ সিদ্ধান্ত লোৱা হয়৷ আজি সেনাৰ এক বিবৃতিত সদৰী হৈছে এই তথ্য৷ উল্লেখনীয় যে যোৱা সপ্তাহত উভয় দেশৰ সেনা কমাণ্ডাৰ পর্যায়ৰ দ্বাদশ লানি বৈঠকত পি পি ১৭এ পইণ্টটো সন্দর্ভত সিদ্ধান্ত লোৱা হৈছিল৷

You might also like