নিয়মীয়া বাৰ্তা ১২জুনঃ এটা গুলী ফুটিলেই বিস্ফোৰিত হ’ব লাডাখ৷ শীতার্ত লাডাখ বাহ্যিক দৃষ্টিত যিমানেই শান্ত সমাহিত, সীমানেই কিন্তু ভিতৰি ভিতৰি ৰুদ্ধশ্বাস উত্তেজনাত কপি আছে৷ কার্যতঃ ভাৰত–চীন সীমান্তত এতিয়া যুদ্ধসদৃশ পৰিস্থিতি৷ কেউফালে এক থমথমীয়া পৰিৱেশ৷ কণকণীয়া শীতে কোবাই থকা লেহৰ পৰা লাডাখৰ ‘নিষিদ্ধ’ ভাৰত–চীন সীমান্তলৈকে যিমানেই আগুৱাই যাব, সিমানেই এখন যুদ্ধ যে নিকট তেনে পৰিৱেশৰ উমান পাব পাৰি৷ দুয়োখন দেশৰ মাজত বিৰাজ কৰা উত্তেজনা যোৱা এসপ্তাহত আলোচনাৰ মাধ্যমেৰে উপশম ঘটোৱাৰ কথা ঘোষণা কৰিলেও বেইজিং প্রশাসনে অতি গোপনে সীমান্তত সামৰিক তৎপৰতা অব্যাহত ৰাখিছে৷ বর্তমান লাডাখ সীমান্তত যুদ্ধংদেহি ৰূপত অৱস্থান কৰি আছে প্রায় ২ লাখ চীনা সৈন্য৷ লাডাখৰ চুছুলস্থিত ভাৰতীয় সেনাবাহিনীৰ শিবিৰে চীনৰ এই বিশাল সমৰসজ্জাৰ বহু গুৰুত্বপূর্ণ তথ্য ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছে৷ চীনৰ সমান্তৰালভাৱে সীমান্তত সামৰিক তৎপৰতা বৃদ্ধি কৰিছে ভাৰতেও৷ দুয়োখন দেশৰ ব্যাপক সামৰিক তৎপৰতাই লাডাখৰ সর্বত্র কার্যতঃ ৰুদ্ধশ্বাস পৰিৱেশ সৃষ্টি কৰিছে৷ ভাৰত–চীনৰ সেনাবাহিনীৰ মাজত ইতিমধ্যে আলোচনা অনুষ্ঠিত হৈছে যদিও লাডাখ সীমান্তত উত্তেজনা প্রশমিত হোৱা নাই৷ বৰঞ্চ দিনকদিনে সীমান্তত বৃদ্ধি পাবলৈ ধৰিছে উত্তেজনা৷ উত্তৰ লাডাখৰ চীয়াচিনৰ পৰা পূব লাডাখৰ ডেমচকলৈ প্রায় ৪০ হাজাৰ ভাৰতীয় সেনা অতিৰিক্তভাৱে মোতায়েন কৰা হৈছে৷ প্রতিমুহূর্তত চলিছে চীনক প্রতিহত কৰাৰ ৰণকৌশল প্রস্তুতিৰ কুচকাৱাজ৷ দুয়োখন দেশৰ ষ্ট্রেটেজিক পইণ্ট অৱ ভিউৰ পৰা অত্যন্ত গুৰুত্বপূর্ণ এই সীমান্তৰ দুয়োপাৰে চীন–ভাৰতৰ সেনাই ফেপেৰি পাতি আছে৷ যোৱা দুটামান মাহত দেশ দুখনৰ সেনাই বিক্ষিপ্ত সংঘাততো লিপ্ত হৈছে৷ অৱশ্যে সেই সংঘাত কেৱল হতাহতিতে সীমাবদ্ধ হৈ আছে যদিও সেনাৰ এটা সূত্রৰ দাবী– এটা গুলী ফুটিলেই এই হতাহতি এখন পূর্ণ পর্যায়ৰ যুদ্ধলৈ ৰূপান্তৰিত হ’ব৷ এনে প্রেক্ষাপটত কার্যতঃ এক জটিল পৰিস্থিতিৰ সন্মুখীন হ’বলৈ গৈ আছে লাডাখৰ প্রায় তিনি লাখ জনগণ৷
এফালে শত্রু পাকিস্তান, আনফালে আগ্রাসী চীন৷ লাডাখৰ পূব সীমান্তত ৰঙা চীনৰ দপদপনি ইমানে বৃদ্ধি পাইছে যে সীমান্তৰ প্রায় ১৬০ কিলোমিটাৰ পূর্বেই নিজ দেশৰ মাটিতে ভাৰতীয়ৰ প্রৱেশ নিষিদ্ধ কৰা হৈছে৷ সীমান্ত বুলি ক’লে মানচিত্রত ভাৰত–চীনৰ প্রকৃত সীমান্তৰ পৰা প্রায় ৩০০ কিলোমিটাৰ হ’ব৷ কাৰণ ১৯৬২ চনৰ পাছত এটা সময়ত ভাৰতত থকা চাং চেনম’ নামৰ পার্বত্য এলেকাটো এতিয়া সম্পূর্ণৰূপে ৰঙা চীনৰ দখলত৷ তদুপৰি যোৱা মে’ মাহৰ পৰা পৰিৱর্তিত সীমান্তৰ বিভিন্ন ঠাইত প্রায় ৩০ কিলোমিটাৰ ভিতৰলৈকে চীনৰ পিপলছ লিবাৰেচন আৰ্মী কেৱল সোমাই অহাই নহয়, ৰাস্তাকে ধৰি সেনাবাহিনীৰ বাংকাৰ আদি অতি কম সময়ৰ ভিতৰত নির্মাণকার্য সম্পন্ন কৰি তুলিছে৷ ইয়াৰ মাজতেই যোৱা শনিবাৰ আৰু বুধবাৰে দুয়োখন দেশৰ সেনাবাহিনীৰ নিম্ন পর্যায়ৰ বিষয়াৰ মাজত চুছুল সীমান্তত উত্তেজনা প্রশমনৰ বাবে আলোচনা অনুষ্ঠিত হৈছিল৷ কিন্তু বাস্তৱত এই আলোচনাৰ কোনো বিশেষ ফল ধৰা নাই৷ কিয়নো বেইজিং প্রশাসনে যুদ্ধংদেহি ভূমিকাত অৱতীর্ণ হৈ লাডাখত বিপুলসংখ্যক সেনা মোতায়েনৰ সমান্তৰালভাৱে বাংকাৰ আদি নির্মাণেৰে ব্যাপক সামৰিক তৎপৰতা অব্যাহত ৰাখিছে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হৈছে পূব লাডাখৰ চেং চেনম’ৰ পাছত এতিয়া উত্তৰ–পূব লাডাখৰ প্রায় ৮০ কিলোমিটাৰ ব্যাপী গালৱান নদীৰ পূব পাৰৰ সম্পূর্ণ গালৱান উপত্যকাখনেই বিগত এমাহৰ ভিতৰতে ৰঙা চীনে নিজৰ দখললৈ নিছে৷ ইয়াক কেন্দ্র কৰি ভাৰতীয় সেনাবাহিনীৰ ভিতৰচ’ৰাত তীব্র খলকনিৰ সৃষ্টি হৈছে৷ ভাৰতীয় সেনাৰ মেজৰ সূর্যদীপ সিঙে (বাতৰিৰ বিষয়বস্তুৰ সংবেদনশীলতাৰ স্বার্থত নাম সলনি কৰা হৈছে) এই প্রতিবেদকৰ আগত প্রকাশ কৰিছে এনে অতি গুৰুত্বপূর্ণ তথ্য৷ ডল্লেখ্য যে ‘থ্রী ইডিয়টছ’ৰ বিখ্যাত পেংগং হ্রদৰ প্রায় ৮০ কিলোমিটাৰ আঁতৰত থকা ডুৰবকস্থিত সেনাবাহিনীৰ তালাচী চকীৰ পৰা উত্তৰৰ মুর্গলৈকে (চীনৰ দখলত থকা লাডাখৰ আক্চাই চীনৰ সমীপৱত্ ভাৰতৰ এখন গাঁও) মেজৰ সূর্যদীপ সিঙে এই প্রতিবেদকক গাডীত সংগদান কৰিছিল৷ ইয়াৰ মাজতে আছে চাৰবাগ কাংৰি নামৰ পার্বত্য এলেকাটো৷ নামত অঞ্চলটো ভাৰতৰ ভিতৰত থকা যেন লাগিলেও আকাশত চীনৰ হেলিকপ্টাৰ সততে চকুত পৰে৷ অর্থাৎ লাডাখৰ আকাশত ভাৰতীয় সেনাৰ মূৰৰ ওপৰতে উৰে ড্রেগন বাহিনীৰ হেলিকপ্টাৰ৷ সেনা বিষয়াজনেই এই কথা প্রকাশ কৰিছে৷ চোৰাংচোৱাৰ ‘ইনপুট’ৰ আধাৰত ভাৰতীয় সেনাবাহিনীৰ মূল্যায়ন– চীনে যিমানেই আগ্রাসন নকৰক কিয়, চীনা সৈন্যই পৰম্পৰাগত যুদ্ধশৈলীৰে ভাৰত আক্রমণ নকৰে৷ বৰঞ্চ সন্তর্পণে এলেকাৰ পাছত এলেকা দখল কৰি গৈ সমৰসজ্জাৰ দিশৰ পৰা কৌশলগত অৱস্থান গ্রহণ কৰাৰ ওপৰতেই চীনে অধিক গুৰুত্ব প্রদান কৰি আহিছে৷ পিছে চীনৰ এই আগ্রাসী মনোভাৱক নাকী লগাবলৈ হ’লে ভাৰতেও চীনে দখল কৰি থকা এলেকাসমূহত আক্রমণ চলাব লাগে বুলি ভাৰতীয় সেনাবাহিনীৰ ভিতৰচ’ৰাত দাবী উত্থাপন হৈছে৷ আৰু ঠিক এই সমীকৰণক লৈহে ভাৰতৰ প্রতিৰক্ষা মন্ত্রালয়ে অলপতে লাডাখ সীমান্তত লক্ষণীয়ভাৱে যথেষ্টসংখ্যক সেনা মোতায়েন কৰিছে আৰু সেনা মোতায়েনৰ কাম এতিয়াও অব্যাহত ৰাখিছে৷ পিছে চীনা সৈন্যৰ তুলনাত এয়া যে কার্যকৰী নহ’ব, সেই কথা ভাৰতীয় সেনাবাহিনীয়েও ডপলব্ধি কৰিব পাৰিছে তথা সাময়িকভাৱে হ’লেও সংঘাতৰ পৰা অব্যাহতি বিচাৰিছে৷ পিছে আনুষ্ঠানিকভাৱে দিল্লীয়ে চীনা সৈন্যই পূর্বৰ অৱস্থানলৈ ঘূৰি যোৱা বুলি (এপ্রিলৰ ষ্টেটাছ ক’) যি সূত্রভিত্তিক দাবী কৰিছে, সেয়া যে বাস্তৱভিত্তিক নহয়, সেই কথা যোৱা ২৪ ঘণ্টাত এই প্রতিবেদকে একাধিক সেনা বিষয়াৰ সৈতে কথা পাতি উপলব্ধি কৰিব পাৰিছে৷ ভাৰত–চীন সীমান্তত কর্মৰত সেনাবাহিনীৰ চোৰাংচোৱা বিভাগৰ বিষয়া এজনে প্রকাশ কৰা মতে, ২০১৭ চনৰ ‘ডোকলাম ক্রাইছিছ’ৰ পাছৰ পৰাই তিব্বত স্বায়ত্তশাসিত অঞ্চলত চীনে সেনা মোতায়েনৰ সংখ্যা ব্যাপকভাৱে বৃদ্ধি কৰিছিল৷ আৰু এই মুহূর্তত লাডাখ সীমান্তৰ পৰা যিমান সম্ভৱ পূবলৈ যাব পাৰি, তাৰ ভিতৰত চীনৰ পিপলছ লিবাৰেচন আম্ৰ ৱেষ্টার্ন থিয়েটৰ কমাণ্ডৰ কমেও দুটা গোট মোতায়েন কৰাৰ লগতে বায়ুসেনাৰ তিনিটা বেছ আৰু এটা ৰকেট ডৎক্ষেপণ বেছ স্থাপন কৰিছে৷ মুঠ ১৩টা ‘কম্বাইনড আর্মড ব্রিগেড’ত আছে৷ য’ত আছে কমেও ২,০০,০০০ সশস্ত্র চীনা সৈন্য৷ উদ্বেগজনক বিষয়টো হৈছে অতি কম সময়ৰ ভিতৰত এই গোটেই বাহিনীটোক চীনে নির্দিষ্ট এটা এলেকাত একত্রিত কৰাৰ ক্ষমতা আছে৷ ইয়াৰ বিপৰীতে ডত্তৰ লাডাখৰ চীয়াচিনৰ পৰা দক্ষিণৰ ডেমচকলৈকে থকা প্রায় ৩৮০ কিলোমিটাৰৰ ভিতৰত এই মুহূর্তত ভাৰতৰো লক্ষাধিক সেনা মোতায়েন হৈ আছে যদিও মাজৰ কোনোবা এটা এলেকাত সকলোকে একত্রিত কৰিবলৈ ভাৰতক ১৫ দিনৰ পৰা ১৮ দিনৰ প্রয়োজন হ’ব৷ অথচ চীনে বিচাৰিলে দুই বা তিনি দিনৰ ভিতৰত ২ লাখ সেনাবাহিনীক সীমান্তৰ যিকোনো এলেকাত মোতায়েন কৰিব পাৰে৷ সেয়েহে হয়তো চেং চেনম’ৰ পাছত এতিয়া গালৱান ডপত্যকাও ভাৰতৰ হাতৰ পৰা ওলাই যোৱা সত্ত্বেও এতিয়াই ভাৰতে কোনোধৰণৰ সামৰিক পদক্ষেপ গ্রহণ কৰাৰ পৰা বিৰত আছে৷ তদুপৰি দেশবাসীৰ ডদ্দেশ্যে বার্তা প্রেৰণ কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে লাডাখৰ ডত্তেজনা প্রশমিত হোৱা বুলি সূত্রৰ আঁত ধৰি বাতৰি পৰিৱেশিত হৈছে যদিও কিবাকৈ সীমান্তৰ কোনো অঞ্চলত ভাৰতৰ আক্রমণাত্মক পদক্ষেপে যিকোনো মুহূর্তত লাডাখ সীমান্তত যুদ্ধ অনিবার্য হৈ ডঠিব পাৰে বুলি ভাৰতীয় সেনাবাহিনীৰ তৰফৰ পৰা সতর্কতা অৱলম্বন কৰি থকা হৈছে৷ আৰু তাৰ বাবেই নিজৰ দেশতেই নিষিদ্ধ হৈ পৰিছে ভাৰতীয়ৰ প্রৱেশ৷ ডল্লেখ্য যে লাডাখৰ অন্যতম প্রধান চহৰ লেহৰ পৰা মাত্র ৬৫ কিলোমিটাৰ আঁতৰত থকা খাৰুৰ পাছতেই ভাৰতীয়ৰ প্রৱেশ নিষিদ্ধ ঘোষণা কৰিছে সেনাবাহিনীয়ে৷ খাৰুৰ পৰা ভাৰত–চীন সীমান্ত হ’বগৈ প্রায় ১৬০ কিলোমিটাৰ৷ এই প্রতিবেদকে বিশেষ অনুমতি লাভ কৰি খাৰুৰ পৰা ৩০ কিলোমিটাৰ আঁতৰত থকা জিংৰাল তালাচী চকীত সেনাবাহিনীৰ শীর্ষ বিষয়া মেজৰ সূর্যদীপ সিঙৰ সৈতে সীমান্তৱত্ কিছু এলেকা ভ্রমণ কৰে৷ জিংৰালৰ পৰা ডুৰবক আৰু তাৰ পাছত ডুৰবকৰ পৰা মুর্গলৈকে বহুতো নিষেধাজ্ঞাৰ মাজত মেজৰ সূর্যদীপ সিঙৰ সৈতে প্রায় ছয়ঘণ্টীয়া যাত্রাকালত পৰিলক্ষিত হ’ল যুদ্ধসদৃশ পৰিস্থিতি৷ লেহৰ পৰা কিছুদূৰ আগবাঢ়িলেই পোৱা নাযায় ইণ্টাৰনেটৰ নেটৱর্ক৷ সেনা বাহিনীৰ ছাউনীতো নিষিদ্ধ মোবাইল৷ একপি ফটো তোলাটো মানা৷ চূড়ান্ত কটকটীয়া নিৰাপত্তা ব্যৱস্থা৷ মন কৰিবলগীয়া যে দেশজুৰি চলি থকা লকডাডনৰ মাজত লাডাখতো বহুতো ধৰণৰ নিষেধাজ্ঞা বিৰাজ কৰিছে৷ তদুপৰি যোৱা প্রায় এপষেক ধৰি লাডাখত চলি থকা চীন–ভাৰত উত্তেজনাৰ কালছোৱাত সংবাদ মাধ্যমৰ ওপৰতো বহুতো ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ এই সকলো প্রত্যাহ্বানৰ মাজত ‘নিয়মীয়া বার্তা’ৰ হৈ এই প্রতিবেদকে সংগ্রহ কৰিলে