চীনে আমাৰ ৰন্ধা ভাত খাই পেলাব! জিন পিঙৰে ফোনালাপৰ পিছত আশংকা জো বাইডেনৰ
নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ মাত্ৰ কেইদিনমান আগেয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰে ফোনালাপ কৰাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্ৰপতি জো বাইডেনে ফোনালাপ কৰে চীনা ৰাষ্ট্ৰপতি জিন পিঙৰ সৈতে।
এই ফোনালাপক লৈ বহুতৰে কৌতূহল আছিল যে কি বিষয়ত দুয়োগৰাকী শক্তিশালী নেতাৰ কথোপকথন হৈছে। কিন্তু বাইডেনে এই বাৰ্তালাপক লৈ বিশেষ একো নক’লেও যি কথা ৰাজহুৱা কৰিছে, সি আমেৰিকাৰে নহয় বিশ্ববাসীকো কিছু চিন্তিত কৰাৰ অৱকাশ ৰৈ গৈছে।
ৰাষ্ট্ৰপতি বাইডেনে প্ৰকাশ কৰে এইদৰে- ‘চীনে আমাৰ ৰন্ধা ভাত খাই পেলাব।’ (China will eat our lunch)
বাইডেনে লগতে এই বাৰ্তালাপৰ পিছত কিছু আশংকা প্ৰকাশ কৰে। জিন পিঙে পাৰস্পৰিক সহযোগিতাৰ মাধ্যমত কাম কৰাৰ কথা কয় যদিও বাইডেনে চীনক গুৰুতৰ প্রতিদ্বন্দ্বী হিচাপে উল্লেখ কৰে।
বাতৰি সংস্থা ৰয়টাৰ্ছৰ মতে, যুক্তৰাষ্ট্রৰ স্থানীয় সময় অনুযায়ী বুধবাৰে নিশা মার্কিন ছিনেটৰসকলৰ সৈতে হোৱা বৈঠকত এই কথা কয় বাইডেনে। বাইডেনে ছিনেটৰসকলক সাৱধান কৰি দি কয় – ‘চীনৰ প্ৰত্যাহ্বান জনাবলৈ হ’লে আমেৰিকাই অৱকাঠামোগত উন্নয়ন কৰিব লাগিব। চীনতকৈ এখোপ ওপৰত পৰিবহণ, পৰিৱেশ আৰু বিভিন্ন ক্ষেত্রৰ উন্নয়নত কোটি কোটি ডলাৰ বিনিয়োগ কৰিব লাগিব।’