আজি চীনে ভাৰতক গতাব ৫ অৰুণাচলীক
নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ চীনে অপহৰণ কৰা অৰুণাচল প্রদেশৰ ৫ যুৱকক কাইলৈ ভাৰতক হস্তান্তৰ কৰিব৷ আজি ক্রীড়া বিভাগৰ ৰাজ্যিক মন্ত্রী কিৰেণ ৰিজিজুৱে এক টুইটযোগে এই কথা সদৰী কৰিছে৷ উল্লেখ্য যে অৰুণাচল প্রদেশৰ ৫জন যুৱক যোৱা ১ ছেপ্টেম্বৰৰ পৰাই সন্ধানহীন হৈ আছিল৷
পৰৱর্তী সময়ত চীনে এই যুৱককেইজন তেওঁলোকৰ জিম্মাত থকা বুলি স্বীকাৰ কৰি লৈছিল৷ এই ঘটনাক লৈ দেশত উৎকণ্ঠা বিৰাজ কৰি থকাৰ মাজতে আজি কেন্দ্রীয় মন্ত্রী কিৰেণ ৰিজিজুৱে টুইটযোগে সদৰী কৰে যে কাইলৈ কোনো এক নির্দিষ্ট স্থানত চীনে অৰুণাচল প্রদেশৰ যুৱককেইজনক ভাৰতৰ হাতত গতাই দিব৷ চীনা সেনাবাহিনী পি এল এই এই কথা সদৰী কৰিছে৷