চীনে মছজিদ ভাঙি বনালে ৰাজহুৱা শৌচাগাৰ
নিয়মীয়া বাৰ্তা, ১৮ আগষ্টঃ চীনৰ উইঘুৰ মুছলমানৰ ওপৰত আন এক মোক্ষম আঘাত হানিলে চীনে। ভগা মছজিদ এটাত চীনা চৰকাৰে বনালে ৰাজহুৱা শৌচাগাৰ।
ৰেডিঅ’ ফ্ৰী এছিয়াৰ এক প্ৰতিবেদন মতে, ২০১৮ চনত চীনা চৰকাৰৰ দ্বাৰা ছিংজিয়াং প্ৰদেশৰ সুংগাগ গাঁৱৰ দুটা মছজিদ ভাঙি দিয়া হৈছিল, ইয়াৰে এটা মছজিদ আছিল টোকুল। এতিয়া দুবছৰ পিছত এই টোকুল মছজিদতে ৰাজহুৱা শৌচাগাৰ নিৰ্মাণ কৰে চীনা চৰকাৰে।
উল্লেখ্য যে যি ঠাইত ৰাজহুৱা শৌচাগাৰ বনোৱা হৈছে, তাত ইয়াৰ কোনো প্ৰয়োজন নাছিল বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰে। কিন্তু কোনো ৰাজহুৱা প্ৰয়োজন অবিহনে চৰকাৰে শৌচালয় বনোৱা বিষয়টোৱে চীনা চৰকাৰৰ উইঘুৰ মুছলমানৰ প্ৰতি থকা বিদ্বেষপূৰ্ণ মনোভাৱকে সূচাইছে।
ইয়াৰ আগতে চীনে আন এটা মছজিদ ভাঙি চিগাৰেট আৰু মদৰ দোকান দিছিল। এই দুয়োবিধ মাদক দ্ৰব্যই ইছলাম ধৰ্ম মতে নিষিদ্ধ। চীনা চৰকাৰে উইঘুৰ মুছলমানৰ ওপৰত ধাৰাবাহিকভাৱে চলাই থকা অন্যায়-অত্যাচাৰৰ এয়া এক চাক্ষুষ প্ৰমাণ বুলি চৰ্চা চলিছে বিশ্বৰ বিভিন্ন প্ৰান্তত।
উল্লেখ্য ইছলাম ধৰ্মী লোকৰ আৰাধনাস্থলী মছজিদৰ ওপৰত চীনৰ এই আক্ৰমণক লৈ কিন্তু মিত্ৰ দেশ পাকিস্তানে কোনো মত ব্যক্ত কৰা নাই।