নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এন জি টিৰ ১৩ আগষ্টৰ শুনানিঃ পৰিৱেশ- বন মন্ত্ৰ্যালয় আৰু ৰাজ্যিক পি চি বিক কি নিৰ্দেশ দিলে?

নিয়মীয়া বাৰ্তা, ১৮ আগষ্টঃ এছ পি ৱাংডি আৰু ডঃ নাগিন নন্দাক লৈ গঠিত এন জি টিৰ মুখ্য বিচাৰপীঠে পৰিৱেশ কৰ্মী বিমল গগৈ (আৰু মৃদুপৱন ফুকন) বনাম ভাৰত চৰকাৰ (আৰু অন্যান্য) গোচৰৰ শুনানি ১৩ আগষ্ট তাৰিখে প্ৰদান কৰে। উল্লেখ্য যে অইল ইণ্ডিয়া লিমিটেডক ডিব্ৰু- ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত হাইড্ৰ’কাৰ্বন অন্বেষণৰ ৭ টা খাদ খননৰ সপক্ষত ১১ মে’, ২০২০ তাৰিখে প্ৰদান কৰা ই চিক বিৰোধিতা কৰা হৈছে।

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ে যেতিয়া বিষয়টো ই চি মঞ্জুৰৰ বাবে বিবেচনা কৰে তেতিয়া অইলে উচ্চতম ন্যায়ালয়ৰ (চি) ২০২/ ১৯৯৫ নং ৰিট আৱেদনৰ আই এ ৩৯৩৪/ ০৭-০৯-২০১৭ নং গোচৰৰ নিৰ্দেশত কোৱা হৈছিল যে ডিব্ৰু- ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত খনন অভিযান চলাবৰ বাবে আসাম ষ্টেট বায়’ ডাইভাৰ্ছিটী বৰ্ডৰ জৰিয়তে বি আই এ অধ্যয়ণ প্ৰয়োজন আছিল। ই আই এ নটিফিকেচন, ২০০৬ অনুসৰি অইলে কোনো ৰাজহুৱা শুনানি গ্ৰহণ কৰা নাছিল। কেৱল আইন শৃংখলাজনীত কাৰণতহে ৰাজহুৱা শুনানিৰ ৰেহাই বিবেচনা কৰা হয়। বিশেষ পৰিস্থিতি সাপেক্ষে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে প্ৰদান কৰা জাননীৰ দ্বাৰা ই আই এ অনুজ্ঞাপত্ৰ ৰেহাই সম্ভৱ। কিন্তু এই ক্ষেত্ৰত তেনে কোনো প্ৰতিবেদন দাখিল কৰা হোৱা নাই বাবে কোনো কাৰণতে এন্ভাইৰণ্টমেণ্ট এছেছমেণ্ট কমিটী (ই এ চি)-এ নিজাববীয়াকৈ ৰেহাই মঞ্জুৰ কৰাৰ থল নাই।

২০ জুলাই, ২০২০ ৰ নিৰ্দেশটোত এন জি টিৰ বিবেচনাৰ্থে আৱেদনকাৰীয়ে উত্থাপন কৰা নিৰ্দিষ্ট প্ৰশ্ন কেইটাৰ ওপৰত প্ৰতিবেদন দাখিল কৰিবলৈ পৰিৱেশ আৰু বন মন্ত্ৰ্যালয় আৰু ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদক নিৰ্দেশ দিয়া হৈছিল। গোৰা চন্দ ৰয়চৌধুৰীয়ে ১০ আগষ্ট, ২০২০ তাৰিখে যুগুটোৱা প্ৰতিৱেদন পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়ক দাখিল কৰিছিল যদিও এন জি টিৰ ওচৰত কৰা হোৱা নাই। ৰয় চৌধুৰীক এন জি টিৰ ওচৰত প্ৰতিবেদন দাখিল নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই ক্ষেত্ৰত ৰাজ্যিক পি চি বিৰ অধ্যক্ষ আৰু সদস্য সচিবক ১৭ ছেপ্টেম্বৰ, ২০২০ তাৰিখৰ পৰৱৰ্তী শুনানিত ব্যক্তিগতভাৱে এন জি টিৰ বিচাৰপীঠৰ সন্মুখত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে।

You might also like