টাইৱান দখলৰ অপচেষ্টা চলাব পাৰে চীনৰ সেনাই
নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ টাইৱান দখল কৰিব পাৰে চীনে৷ চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙে দক্ষিণ–পূব প্রান্তৰ স্ব–শাসিত দ্বীপ টাইৱানৰ পৰিস্থিতি অস্থিৰ কৰাৰ সিদ্ধান্ত লৈছে৷ শেহতীয়াকৈ টাইৱানৰ বিদেশমন্ত্রী যোছেফ ৱুৱে এই আশংকা প্রকাশ কৰিছে৷
ৱি’নছৰ কার্যবাহী সম্পাদক পাল্কি শর্মাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত টাইৱানৰ বিদেশমন্ত্রীগৰাকীয়ে এই মন্তব্য কৰিছে৷ অৱশ্যে চীনে টাইৱানৰ ওপৰত আক্রমণ চলালে আমেৰিকাই সাহায্যৰ হাত আগবঢ়াব বুলি বিশ্বাস কৰে টাইৱানে৷
ৱুৰ মতে টাইৱানে ইতিমধ্যে আত্মৰক্ষাৰ বাবে নিজকে প্রস্তুত কৰিছে৷ বিগত কেইটামান মাহত চীন আৰু টাইৱানৰ মাজৰ সম্পর্কৰ অৱনতি ঘটিছে৷ আমেৰিকাই টাইৱানক বিভিন্ন ক্ষেত্রত সহযোগিতা আগবঢ়োৱাৰ প্রতিশ্রুতি দিয়াৰ লগে লগে চীনে দেশখনৰ দক্ষিণ–পূব উপকূলৰ অঞ্চলত বৃদ্ধি কৰিছে সমৰ শক্তি৷ চীনৰ এই সমৰসজ্জাৰ পিছতে টাইৱানৰ অভ্যন্তৰত সৃষ্টি হৈছে আশংকা৷