ক’ভিড–১৯ক লৈ দিল্লী–কেন্দ্রীয় চৰকাৰৰ মতানৈক্য
নিয়মীয়া বাৰ্তা, ২৫ জুনঃ ক’ভিড–১৯ ৰোগীৰ বাবে কেন্দ্রীয় চৰকাৰ আৰু দিল্লী কোৱাৰেণ্টাইন ব্যৱস্থাক লৈ সৃষ্টি হৈছে মতানৈক্য৷ শেহতীয়াকৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে হ’ম আইছ’লেচনৰ ক্ষেত্রত বান্ধি দিয়া নীতিত অসন্তুষ্টি প্রকাশ কৰিছে দিল্লীৰ উপ–মুখ্যমন্ত্রী মনীষ শিশোদিয়াই৷
শিশোদিয়াই উল্লেখ কৰিছে যে সকলো ক’ভিড ৰোগীয়ে কোৱাৰেণ্টাইন কেন্দ্রলৈ যোৱাৰ ব্যৱস্থা প্রত্যাহাৰ কৰা উচিত৷ ইয়াৰ বিপৰীতে চিকিৎসকসকলে ঘৰলৈ গৈ ক’ভিড–১৯ ৰোগী পৰীক্ষা আগবঢ়োৱা উচিত বুলি মন্তব্য কৰিছে শিশোদিয়াই৷ শিশোদিয়াৰ মতে সকলো ৰোগীয়ে কোৱাৰেণ্টাইন কেন্দ্রলৈ যোৱাৰ ফলত কেন্দ্রীয়শাসিত ৰাজ্যখনত এক আতংকৰ পৰিস্থিতিয়ে দেখা দিছে৷