‘জলবায়ু পৰিৱর্তন’ৰ দ্বাৰা আক্রান্ত প্রথম ৰোগী চিনাক্ত কানাডাত
নিয়মীয়া বাৰ্তা ১০ নৱেম্বৰঃ স্কটলেণ্ডৰ গ্লাছগ’ত অনুষ্ঠিত জলবায়ু পৰিৱর্তনক লৈ ৰাষ্ট্রসংঘৰ ক’প–২৬ সন্মিলনৰ মাজতে কানাডাৰ ব্রিটিছ কলম্বিয়া প্রদেশত ‘জলবায়ু পৰিৱর্তন’ৰ দ্বাৰা আক্রান্ত হোৱা প্রথমগৰাকী ৰোগী চিনাক্ত কৰা হৈছে৷ ব্রিটিছ কলম্বিয়াৰ চিকিৎসকে প্রকাশ কৰা মতে জলবায়ু পৰিৱর্তনৰ বাবে আক্রান্ত হোৱা ৰোগীগৰাকী হৈছে মহিলা৷ মহিলাগৰাকীয়ে শ্বাস–প্রশ্বাসজনিত জটিল সমস্যাত আক্রান্ত হোৱাৰ পিছত চিকিৎসালয়ত ভর্তি কৰোৱা হয়৷ আক্রান্ত মহিলা ৰোগীগৰাকীক নিৰীক্ষণৰ অন্তত চিকিৎসকে বিশ্বৰ ভিতৰত প্রথম এনে ৰোগী চিনাক্ত হোৱা বুলি দাবী কৰিছে৷ চিকিৎসকৰ মতে ৰোগীগৰাকী জলবায়ু পৰিৱর্তনৰ চিকাৰ হৈছে৷ কুটিনে লেক হাস্পতালৰ জৰুৰীকালীন কক্ষত চিকিৎসাধীন হৈ থকা ৰোগীগৰাকী সন্দর্ভত ডাঃ কাইলে মেৰিটে প্রকাশ কৰিছে৷ উল্লেখ্য যে ব্রিটিছ কলম্বিয়াৰ কুটিনে অঞ্চলত চলিত বর্ষটোত ১৬শতকৈ অধিক বনজুইৰ ঘটনা সংঘটিত হৈছে৷ এই বনজুইৰ ফলতেই অঞ্চলটোত জলবায়ুৰ পৰিৱর্তনৰ প্রচণ্ড প্রভাৱ পৰিছে৷