নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলবায়ু পৰিৱর্তনে ধ্বংসৰ দিশলৈ ঠেলিছে পৃথিৱীক

নিয়মীয়া বাৰ্তা ১০ আগষ্টঃ কেইবাদশক ধৰি পৰিৱর্তন নজৰত পৰিছিল৷ কিন্তু আগত যি ধৰণৰ স্তিমিত, ধীৰ গতিত পৰিৱর্তন হৈছিল, শেহতীয়াকৈ সেয়া সলনি হৈছে৷ দ্রুত হৈছে জলবায়ুৰ পৰিৱর্তন৷ এতিয়াই সংযত নহ’লে ধ্বংসৰ দিশলৈ আগবাঢ়িব পৃথিৱী৷ কেইবাবছৰ ধৰি জলবায়ু পৰিৱর্তনক লৈ ৰাষ্ট্রসংঘই সতর্কবাণী শুনাই আহিছে৷ আজি জলবায়ু পৰিৱর্তনৰ ষষ্ঠ প্রতিবেদনত ৰাষ্ট্রসংঘৰ আই পি চি চিয়ে প্রকাশ কৰিছে যে ভয়াৱহ পৰিস্থিতিৰ দিশলৈ গতি কৰিছে পৃথিৱী৷ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ তাৎক্ষণিকভাৱে যাৱতীয় ব্যৱস্থা গ্রহণ নকৰিলে কোনো দেশেই প্রকৃতিৰ ধ্বংসলীলাৰ পৰা ৰক্ষা নপৰিব৷

ভাৰতসহ সদস্য দেশবোৰৰ সৈতে বৈঠকত আই পি চি চিৰ প্রতিবেদন দাখিল কৰে ৰাষ্ট্রসংঘৰ সচিবপ্রধান এণ্টনি’ গুটেৰেছে৷ এই প্রতিবেদনত উল্লেখ কৰা হৈছে যে ২০০৮ চনত বিজ্ঞানীসকলে যি সতর্কবাণী কৰিছিল তাতকৈ এক দশক পূর্বেই গোলকীয় উষ্ণতা বিপজ্জনক অৱস্থালৈ যাব পাৰে৷ ২০৩০ চনৰ ভিতৰত সমগ্র বিশ্বৰ তাপমাত্রা ১.৫ ডিগ্রী চেলছিয়াছ বৃদ্ধি পাব৷ গোলকীয় উষ্ণতাৰ বাবে ১৯০১ৰ পৰা ১৯৭১ পর্যন্ত সমুদ্রৰ জলপৃষ্ঠ ১.৩ মিলিমিটাৰকৈ বৃদ্ধি পাইছে৷ ২০০৭ৰ পৰা ২০১৮লৈ সেয়া প্রতি বছৰে ৩.৭ মিলিমিটাৰ হৈছে৷ গতিকে অভাৱনীয় পৰিস্থিতিৰ দিশে গতি কৰিছে পৃথিৱীয়ে৷

You might also like