নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাক-পুত্ৰৰ যুটিঃ বিমানৰ ককপিটত আবেগ-আনন্দ মিশ্ৰিত পৰিৱেশ

বিশেষ বাৰ্তা, ১০ মেঃ যেতিয়া মাককে সহকর্মী হিচাপে পোৱা যায় তেতিয়া মনৰ জোৰ আৰু সাহস দুয়োটাই বহুগুণে বাঢ়ি যায়। দুচকু উপচি পৰে আত্মবিশ্বাসেৰে। জীৱনী শক্তি যেন শতগুণে বাঢ়ি যায়। এনেকুৱাই হৈছে ইণ্ডিগোৰ ২৪ বছৰীয়া এজন কো-পাইলটৰ ক্ষেত্ৰত। জীৱনত প্রথমবাৰ প্লেন উৰুওৱাৰ ভয় নাই, কাৰণ হাতত হাত ধৰি কাষতে থাকিব তেওঁৰ মাক। একেখন বিমানতে পাইলট মাকৰ কাষত বহি জীৱনৰ প্রথম অভিজ্ঞতাৰ পাঠ ল’ব পুত্ৰই। মাতৃ দিৱসত মাকক সবাতোকৈ ডাঙৰ উপহাৰ দিছে পুত্ৰ আমান ঠাকুৰে।

ইণ্ডিগো বিমানৰ কো-পাইলট হিচাপে কর্মজীৱন আৰম্ভ কৰিছে আমানে। তেওঁৰ প্রথম বিমান চালনাই মাকৰ সৈতে। এই আবেগ ধৰি ৰাখিব পৰা নাই আমানে। সকলো যাত্ৰীৰ আগতেই আমানে ক’লে- ২৪ বছৰীয়া জীৱনত মাৰ সৈতে বহু বিমানত উঠিছোঁ, কিন্তু যাত্রী হিচাপে। প্রথমবাৰলৈ মাৰ সহকর্মী হৈ বিমান উৰুৱাম। মা পাইলট, আৰু মই কো-পাইলট। পুত্ৰৰ ঘোষণা কাণত পৰাৰ লগে লগে ককপিটৰ পৰা দৌৰি আহে মাক। আবেগ-আনন্দ মিহলি এক পৰিৱেশ। ইণ্ডিগোৰ অফিছিয়েল ফেচবুক পেজত আমানৰ এই ভিডিঅ’ ভাইৰেল হৈছে।

You might also like