নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোক, পেপছী, মেকডোনাল্ডৰ সোৱাদ আৰু ল’বলৈ নাপায় ৰুছবাসীয়ে

 বিশেষ বাৰ্তা, ৯ মাৰ্চঃ ভিতৰে-বাহিৰে চাপ। অৱশেষত ৰাছিয়াত ব্যৱসায় বন্ধ কৰাৰ সিদ্ধান্তৰ কথা জনাবলৈ বাধ্য হ’ল কোকা কোলা, পেপছী কো, মেকডোনাল্ডৰ দৰে বহুজাতিক কোম্পানীয়ে। ইউক্রেইনত ৰুছ আগ্রাসনৰ প্রতিবাদত ইতিমধ্যে নেটফ্লিক্স, লিভাইজৰ দৰে পশ্চিমীয়া বহুজাতিক কোম্পানীয়ে দেশখনত ব্যৱসায় সামৰাৰ কথা ঘোষণা কৰিছে। এইবাৰ সেই তালিকাত যুক্ত হ’বলৈ ওলাইছে শীতল পানীয় প্রস্তুতকাৰী জনপ্ৰিয় সংস্থা কোক, পেপছী তথা ফাষ্টফুড প্ৰতিষ্ঠান মেকডোনাল্ডছ, ষ্টাৰবাকছ আদিয়ে। ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পৰাই ৰাছিয়াৰ ওপৰত বিভিন্ন নিষেধাজ্ঞা জাৰি কৰিছে বিভিন্ন দেশ আৰু সংস্থাই। আমেৰিকা আৰু ইয়াৰ বন্ধু পশ্চিমীয়া দেশসমূহৰ আভ্যন্তৰত সেই দেশৰ বিভিন্ন বহুজাতিক প্ৰতিষ্ঠান, যিবোৰে ৰাছিয়াতো ৰমৰমীয়া ব্যৱসায় কৰি গৈছে সেইবোৰৰ বিৰুদ্ধে জনমত গঢ়ি উঠিবলৈ লৈছে। তেনে প্রেক্ষিততে ৰাছিয়াত ব্যৱসায় সামৰাৰ সিদ্ধান্ত লৈছে এই প্ৰতিষ্ঠানবোৰে।

You might also like