নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিনেত্ৰী খুচবু সুন্দৰে এৰিলে কংগ্ৰেছ, বিজেপিত যোগদান

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ কংগ্ৰেছত পুনৰ খহনীয়া। এইবাৰ দাক্ষিণাত্যৰ মোহময়ী অভিনেত্ৰী খুচবু সুন্দৰে কংগ্ৰেছ এৰি যোগ দিলে বিজেপিত। তামিলনাডুৰ ৰাজনীতিকগৰাকীয়ে কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পিছতে দিল্লীলৈ গৈ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে।

কংগ্ৰেছ ত্যাগ কৰা প্ৰসংগত খুচবু সুন্দৰে কয় যে বাস্তৱতাৰ পৰা বহু দূৰত অৱস্থান কৰা কংগ্ৰেছৰ মজিয়াত মুখ খুলি একো ক’ব পৰা নাযায়। আনহাতে বিভিন্ন চাপৰ সন্মুখীন হ’বলগীয়া হয়। এনে কাৰণতে কংগ্ৰেছবিৰোধী অৱস্থান লোৱা বুলি উল্লেখ কৰি নেত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰৰ নামত যদি আগবাঢ়িব লাগে, তেন্তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰে নেতাৰ প্ৰয়োজন আছে, যিয়ে আমাক সঠিক দিশলৈ আগুৱাই লৈ যাব পাৰে।

উল্লেখ্য, ২০২১ৰ তামিলনাডু বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত খুচবু সুন্দৰৰ বিজেপি গমন কংগ্ৰেছৰ বাবে চৰম কুঠাৰাঘাত হিচাপে বিবেচিত হ’ব পাৰে।

You might also like