লিভ-ইনৰ সন্মতিসূচক যৌনতাক ধর্ষণ বুলিব নোৱাৰিঃ উচ্চতম ন্যায়ালয়
নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ দীৰ্ঘদিনীয়া সম্পৰ্কত থকাৰ পিছত সহমতৰ ভিত্তিত হোৱা শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিবলৈ অস্বীকাৰ কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। ন্যায়ালয়খনে কয় যে যদি দীৰ্ঘদিন ধৰি চলা এটা সম্পৰ্কৰ বাবে সহমতভিত্তিত যৌন সম্পৰ্ক হয়, আৰু পুৰুষগৰাকীয়ে মহিলাগৰাকীক বিবাহ কৰাব নোৱাৰে, তেন্তে পুৰুষগৰাকীৰ ওপৰত আৰোপ কৰা ধৰ্ষণৰ অভিযোগ গ্ৰহণযোগ্য নহ’ব।
কল চেণ্টাৰত কাম কৰা দুগৰাকী কৰ্মচাৰী পুৰুষ-মহিলাৰ এটা গোচৰৰ ৰায়দানত এই কথা উল্লেখ কৰে ন্যায়ালয়খনে। কৰ্মচাৰী দুগৰাকীয়ে ৫ বছৰ ধৰি একেলগে থকাৰ পিছত মহিলা কৰ্মচাৰীগৰাকীক পুৰুষগৰাকীয়ে বিবাহ নকৰাই আন মহিলাক বিবাহ কৰোৱাৰ পিছত তেওঁৰ ওপৰত ধৰ্ষণৰ অভিযোগ দিয়া হৈছিল।
বিবাহৰ প্ৰতিশ্ৰুতি দি যৌন সম্পৰ্ক স্থাপন কৰা বুলি দিয়া এই গোচৰৰ ৰায়দান কৰি মুখ্য ন্যায়াধীশ এছ এ বোব্দে, ন্যায়াধীশ এ এছ বোপান্না আৰু ভি সুব্ৰমণিয়মৰ বিচাৰপীঠে কয়- ‘বিবাহৰ মিছা প্ৰতিশ্ৰুতি দিয়াটো ভুল। আনকি এগৰাকী মহিলাৰ দ্বাৰাও এনে মিছা প্ৰতিশ্ৰুতি দি আঁতৰি যোৱা উচিত নহয়। কিন্তু দীৰ্ঘদিন একেলগে থাকি স্থাপন কৰা যৌন সম্পৰ্কক ধৰ্ষণৰ শ্ৰেণীত ৰাখিব নোৱাৰি।’
উল্লেখ্য ইয়াৰ আগতেও ন্যায়ালয়ে এই সম্পৰ্কে একে ৰায়দান কৰিছিল। ২০১৯ চনতো মহাৰাষ্ট্ৰৰ এগৰাকী ডাক্তৰৰ বিৰুদ্ধে নাৰ্ছে একে গোচৰ ৰুজু কৰিছিল। সেই সময়তো ন্যায়ালয়ে একেটা ৰায়কে শুনায়।