নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত ১০ লাখৰ সীমা অতিক্রম ক’ৰোনা আক্রান্তৰ

নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ ভাৰতত ক’ভিড–১৯ মহামাৰীয়ে ক্রমাৎ বিভীষিকাৰ সৃষ্টি কৰিছে৷ দেশখনত আজি এই বাতৰি যুগুতোৱা পৰলৈ নতুনকৈ ৩২,৬৯৬গৰাকী লোক ঘাতক ভাইৰাছবিধত সংক্রমিত হোৱা বুলি কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে সদৰী কৰিছে৷ ইতিমধ্যে ক’ভিড সংক্রমিত লোকৰ সংখ্যাই ভাৰতত ১০ লাখ অতিক্রম কৰিছে৷ দেশখনত মাৰাত্মক ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত লোকৰ সংখ্যা ১০,০১,৮৬৩লৈ বৃদ্ধি পাইছে৷

ইফালে, এই মাৰাত্মক ভাইৰাছবিধত প্রাণ হেৰুওৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ২৫,৫৮৯গৰাকীলৈ৷ ইফালে, বিশ্বজুৰি এই প্রাণঘাতী ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা অতিক্রম কৰিছে ১ কোটি ৩৮ লাখ৷ সংক্রমিত লোকৰ সংখ্যাই বিশ্বৰ ভিতৰত শীর্ষস্থানত থকা আমেৰিকাত ভাইৰাছবিধৰ সংহাৰী ৰূপ অব্যাহত আছে৷ আমেৰিকাত ক’ভিড–১৯ত আক্রান্ত হৈছে ৩৬,৪৪,৫৬৪গৰাকী লোক৷ দেশখনত প্রাণ হেৰুৱাইছে ১,৪০,৪৭৮গৰাকী লোকে৷

ইফালে, এই তালিকাত দ্বিতীয় স্থানত থকা ব্রাজিলত সংক্রমিত লোকৰ সংখ্যাই ১৯ লাখ ৮০ হাজাৰ অতিক্রম কৰিছে৷ ব্রাজিলত ঘাতক ভাইৰাছবিধে প্রাণ কাঢ়িছে ৭৫,৬৯৭গৰাকী লোকৰ৷ ভাৰতত ক’ভিডৰ সংহাৰ বিয়পিছে ন ন অঞ্চললৈ৷ এই ভাইৰাছবিধৰ সংক্রমণত প্রতিৰোধ লগাবলৈ বিশেষভাৱে সফল হোৱা কেৰালাৰ আক্রান্ত লোকৰ সংখ্যাই শেহতীয়াকৈ অতিক্রম কৰিছে ১০ হাজাৰ৷

ব্রাজিল, ভাৰত, ৰাছিয়া, পেৰু, মেক্সিকো আদি দেশত ক’ভিডৰ সংহাৰ পূর্বৰ তুলনাত অধিক ভয়াৱহ হোৱা বুলি বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰিছে৷

You might also like