নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰঃ তেলেংগানাৰ ৱাৰাংগালত এজন পুত্রই তেওঁৰ ক’ভিড আক্রান্ত মাতৃক পথাৰত অস্থায়ী তম্বু টানি অকলশৰীয়াকৈ এৰি থৈ যোৱা ঘটনাই আলোড়নৰ সৃষ্টি কৰিছে৷ বিৱৰণী মতে, লাছাম্মা নামৰ চাৰি পুত্র আৰু এগৰাকী জীৰ মাতৃগৰাকীক পুত্রই ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পিছতে পথাৰত অকলশৰীয়াকৈ এৰি দিয়ে৷
উল্লেখ্য যে ভেলেৰু মণ্ডলৰ পিছাৰা গাঁৱৰ কৃষি পথাৰত পুত্রই অকলশৰে এৰি থৈ যোৱা লাছাম্মা নামৰ মাতৃগৰাকীয়ে ৱাকাৰ অবিহনে চলাফুৰা কৰিব নোৱাৰে৷ মাৰাত্মক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পিছতেই পুত্রজনে মাতৃগৰাকীক পথাৰত এৰি থৈ যোৱা ঘটনাটো পোহৰলৈ অহাৰ পিছতে কন্যাজনী মাতৃৰ ওচৰলৈ যায়৷ পুত্রৰ এনে অমানৱীয় আচৰণৰ বলি হোৱা মাতৃ লাছাম্মাক কন্যাজনীয়ে উক্ত স্থানলৈ গৈ সেৱা আগবঢ়াই আছে বুলি সংবাদ মাধ্যমত প্রকাশ পাইছে৷
গুৰুত্বপূর্ণ কথা যে যি সময়ত ক’ভিড–১৯ত আক্রান্তক সম্পূর্ণ মানৱীয় দৃষ্টিভংগীৰে চাবলৈ দেশৰ প্রধানমন্ত্রীকে ধৰি স্বাস্থ্য বিভাগে বাৰম্বাৰ আহ্বান জনাই আছে, তেনে সময়তে জন্মদাত্রী মাতৃক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ বাবে পথাৰত এৰি থৈ অহা ঘটনা কোনো কাৰণতে গ্রহণযোগ্য হ’ব নোৱাৰে বুলি পুত্রজনক ছ’চিয়েল মিডিয়াত ধিক্কাৰ দিছে৷