নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডৰ পৰা ৰক্ষা পাবলৈ উত্তৰ প্রদেশত ‘ক’ৰোনা মাতা’ মন্দিৰ

নিয়মীয়া বাৰ্তা, ১৩ জুনঃ  আধুনিক বিজ্ঞানৰ চিকিৎসাত বিশ্বাসী হৈও কালান্তক ক’ৰোনাৰ পৰা ৰক্ষা পৰিবলৈ দেশব্যাপী একাংশ লোকে অদৃশ্য শক্তি ঈশ্বৰৰ শৰণাপন্ন হৈছে৷ ক’ভিড–১৯ৰ সংক্রমণৰ পৰা নিজকে ৰক্ষা পাবলৈ শেহতীয়াভাৱে উত্তৰ প্রদেশৰ প্রতাপগড়ৰ শুক্লাপুৰ গাঁৱৰ বাসিন্দাসকলে সাজি উলিয়াইছে ‘ক’ৰোনা মাতা’ মন্দিৰ৷

এডাল নিমগছৰ তলত সাজি উলিওৱা ক’ৰোনা মাতা মন্দিৰত গাঁওবাসীয়ে নিতৌ দেৱীৰ পৰা আশীর্বাদ বিচাৰে৷ এই মন্দিৰটোত ক’ৰোনা মাতা মূর্তিত এখন সেউজীয়া মাস্ক পৰিধান কৰোৱা হৈছে৷ স্থানীয় বাসিন্দাসকলে বিশ্বাস কৰা মতে এই মন্দিৰটো নির্মাণ কৰিবলৈ অঞ্চলৰ পৰা ধন সংগ্রহ কৰা হৈছে৷

এই সংগৃহীত ধনেৰে স্থাপন কৰা মন্দিৰটোত দেৱীৰ আশীর্বাদ ল’লে ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পৰা ৰক্ষা পৰে বুলি বিশ্বাস কৰে৷ তাৎপর্যপূর্ণ যে মন্দিৰটোত ক’ভিড–১৯ প্রট’কল মানি প্রার্থনা কৰা হয়৷

You might also like