নিয়মীয়া বাৰ্তা, ৪ মে’ : বিৰল দৃশ্যৰ সাক্ষী হ’ল দেশবাসী ৷ আকাশৰ পৰা পুষ্পবৃষ্টি আৰু আকাশী পথত যুদ্ধবিমানৰ ফ্লাইপাষ্ট প্রত্যক্ষ কৰিলে জনগণে ৷ দেওবাৰে পুৱাৰে পৰা আকাশমার্গেৰে মহামাৰী ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজৰ অগ্রণী সেনানীক শ্রদ্ধা আৰু সন্মান জনাই চেল্যুট জনালে সশস্ত্র সেনাবাহিনীয়ে ৷ বায়ুসেনা বাহিনীয়ে শ্রীনগৰৰ পৰা ত্রিবান্দ্রমলৈ, ডিব্রুগড়ৰ পৰা কুচ্ছলৈ ফ্লাইপাষ্ট কৰাৰ সমান্তৰালকৈ আকাশৰ পৰা পুষ্পবৃষ্টি কৰি ক’ভিড–১৯ৰ যুঁজাৰুক সন্মান জনালে তিনি সশস্ত্র বাহিনীয়ে ৷ স্থলবাহিনীয়ে ক’ৰোনা হাস্পতালৰ সন্মুখত দেশপ্রেমমূলক গান পৰিৱেশন কৰাৰ সমান্তৰালকৈ আকাশমার্গৰ পৰা এই হাস্পতালত পুষ্পবৃষ্টি কৰিলে বায়ুসেনা বাহিনীৰ হেলিকপ্টাৰেৰে ৷ আনপিনে, নৌ জাহাজত মানৱশৃংখল কৰি জোৱানে সন্মান জনালে ক’ভিড–১৯ৰ যুঁজাৰুক ৷ মহামাৰী ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজখনত সক্রিয় তথা অগ্রণী ভূমিকা লোৱা চিকিৎসক, নার্ছ, স্বাস্থ্যকর্মী, চাফাই কর্মীৰ পৰা নিৰাপত্তা বাহিনী, সাংবাদিক, অত্যাৱশ্যকীয় সেৱাত জড়িত লোকসকলৰ কর্মক সন্মান জনালে সশস্ত্র সেনাই ৷ দেশৰ ইতিহাসত সাধাৰণ নাগৰিকক প্রথমবাৰৰ বাবে সশস্ত্র সেনাই স্থল–জল আৰু আকাশমার্গেৰে সন্মান প্রদর্শন কৰাক লৈ ক’ভিড–১৯ৰ যুঁজাৰুসকল উৎসাহিত হৈছে ৷
দেওবাৰে পূর্বনির্ধাৰিত কার্যসূচী অনুসৰি পুৱা নতুন দিল্লীৰ আৰক্ষী স্মাৰকত তিনি সেনাবাহিনীৰ মুৰব্বীয়ে শ্রদ্ধাঞ্জলি জনোৱাৰ সময়ত আকাশমার্গৰ পৰা নৌবাহিনীৰ হেলিকপ্ঢাৰেৰে পুষ্পবৃষ্টি কৰে৷ নতুন দিল্লীত বৰষুণ হোৱাৰ বাবে নির্ধাৰিত কার্যসূচী ফ্লাইপাষ্ট কিছু সময়ৰ বাবে স্থগিত ৰখা হয় যদিও শ্রীনগৰত নৌসেনা বাহিনীৰ বিমানে ফ্লাইপাছ আৰম্ভ কৰে৷ ইয়াৰ পিছতে ৰাজধানী দিল্লীৰ ৰাজপথত যুঁজাৰু বিমানে ফ্লাইপাষ্ট কৰি ক’ভিড–১৯ৰ যুঁজাৰুক সন্মান প্রদর্শন কৰে৷ যুদ্ধবিমান ছুখই–৩০, মিগ–২৯, জাগোৱাৰ চি–১৫০ ব্যৱহাৰেৰে বায়ুসেনা বাহিনীয়ে দিল্লী, মুম্বাই, চণ্ডীগড়, কর্ণাটক আদিকে ধৰি কেইবাখনো ৰাজ্যত ফ্লাইপাষ্ট কৰে৷ নতুন দিল্লীৰ ৰাজপথত বায়ুসেনা বাহনীৰ ছুখই–৩০, মিগ–২৯, জাগোৱাৰ বিমানে ফ্লাইপাষ্ট কৰাৰ বিপৰীতে ইণ্ডিয়া গেট আৰু লালকিল্লাত হেলিকপ্ঢাৰেৰে পুষ্পবৃষ্টি কৰে৷ চি–১৩০ যান–বাহন পৰিবাহী বিমানে ৰাজধানী চহৰখনত ফ্লাইপাষ্ট কৰে৷ ৱেষ্টার্ন এয়াৰ কমাণ্ডৰ বায়ুসেনা বাহিনীৰ যুঁজাৰু বিমানে দিল্লীৰ কেইবাখনো হাস্পতালত পুষ্পবৃষ্টি কৰে৷ মুম্বাইৰ মেৰিন ড্রাইভত যুঁজাৰু বিমানে ফ্লাইপাষ্ট কৰাৰ বিপৰীতে হেলিকপ্ঢাৰেৰে পুষ্পবৃষ্টি কৰে কিং এডৱার্ড মেম’ৰিয়েল হাস্পতাল আৰু কস্তুৰবা গান্ধী হাস্পতালত৷ যুঁজাৰু বিমানে শ্রীনগৰৰ ডাল হ্রদ, চণ্ডীগড়ৰ সুখনা হ্রদ আৰু লক্ষ্ণৌত ফ্লাইপাষ্ট কৰাৰ বিপৰীতে বায়ুসেনা বাহিনীৰ বিমানে অগ্রণী যুঁজাৰুক সন্মান জনাই কিং জর্জ মেডিকেল ইউনিভার্ছিটীত কৰে পুষ্পবৃষ্টি৷ গুজৰাটৰ আহমেদাবাদৰ হাস্পতালত পুষ্পবৃষ্টি কৰাৰ সমান্তৰালকৈ চহৰখনত বিমানে ফ্লাইপাষ্ট কৰে ৷
ৰাজস্থানৰ জয়পুৰৰ ছাৱাই মানসিং হাস্পতালত পুষ্পবৃষ্টি কৰাৰ সমান্তৰালকৈ ইয়াৰ ওপৰেৰে ফ্লাইপাষ্ট কৰে বায়ুসেনা বাহিনীৰ বিমানে৷ এম আই–১৭ বিমানে কলকাতাৰ চিত্তৰঞ্জন ইনষ্টিটিউটৰ ওপৰত পুষ্পবৃষ্টি কৰি চহৰখনত ফ্লাইপাছ কৰে৷ কার্যতঃ বায়ুসেনা বাহিনীয়ে শ্রীনগৰৰ পৰা কেৰালা, তামিলনাডুলৈ, অসমৰ ডিব্রুগড়, গুৱাহাটীৰ পৰা গুজৰাটৰ কুচ্ছলৈ ফ্লাইপাষ্ট কৰে৷ ক’ৰোনাত আক্রান্ত ৰাজ্যসমূহৰ হাস্পতালৰ চৌহদত চিকিৎসক–নার্ছ, স্বাস্থ্যকর্মীসকলে থিয় হৈ পুষ্পবৃষ্টিক অভিবাদন জনোৱাৰ লগতে বিমানৰ ফ্লাইপাষ্টকো দর্শন কৰে৷ গুৰুত্বপূর্ণ যে বায়ুসেনা বাহিনীয়ে ফ্লাইপাষ্ট কৰোঁতে যাতে দেশবাসীয়ে তেওঁলোকৰ এই পদক্ষেপক প্রত্যক্ষ কৰিব পাৰে, তাৰ প্রতি লক্ষ্য ৰাখি বিমানসমূহ ৫০০ মিটাৰৰ পৰা ১০০০ মিটাৰ উচ্চতাৰ ভিতৰত উৰণ কৰে৷ মন কৰিবলগীয়া যে দেশৰ প্রতিখন ৰাজ্যৰ ক’ৰোনা হাস্পতালৰ সন্মুখত স্থলসেনা বাহিনীৰ বেণ্ডে দেশপ্রেমমূলক গীত পৰিৱেশন কৰি ক’ৰোনা যুঁজাৰুক অভিনন্দন–সন্মান জ্ঞাপন কৰে৷ আনহাতে, নৌসেনা বাহিনীয়ে মুম্বাইৰ পৰা গুজৰাট, পশ্চিমবংগলৈ যুদ্ধজাহাজত ৰং–বিৰঙী আলোক প্রজ্বলন কৰি সন্মান প্রদর্শন কৰে অগ্রণী ক’ৰোনা যুঁজাৰুক৷ আজি সন্ধিয়া ৭ বজাৰ পৰা মুম্বাই, পোৰবন্দৰ, পাৰোৱাৰ, বিশাখাপট্টনম, চেন্নাই, কোচি, পর্টব্লেয়াৰত যুদ্ধজাহাজত ৰং–বিৰঙী আলোক প্রদর্শন কৰাৰ লগতে ৰঙৰ ফোঁৱাৰা প্রজ্বলিত কৰে৷ ক’ৰোনা যুঁজাৰুক উৎসাহিত আৰু সহমর্মিতা প্রকাশেৰে সন্মান প্রদর্শনৰ এই ইতিহাস সৃষ্টিকাৰী কার্যসূচীত দেশৰ উপকূলৰক্ষী বাহিনীয়েও অংশ লয়৷ দেশৰ ২৪টা স্থানত উপকূলৰক্ষী জাহাজত আলোক প্রজ্বলিত কৰি সন্মান প্রদর্শন কৰে ক’ৰোনা যুঁজাৰুক৷ এই স্থানসমূহ হৈছে– পোৰবন্দৰ, অ’খা, ৰত্নগিৰী, দাহানু, মুৰুদ, গোৱা, নিউ মাংগালুৰু, কাৱাৰতি, কাৰাইকাল, চেন্নাই, কৃষ্ণাপটনম, নিজামপটনম, পুডুচেৰী, কাকিনাৰা, পাৰাদীপ, গোপালপুৰ/পুৰী, সাগৰ আইলেণ্ড, প’টব্লেয়াৰ, দীঘলীপুৰ, মায়াবুণ্ডুৰ, হাট বে’ আৰু কেম্পবেল বে’৷ আনহাতে, ক’ৰোনা যুঁজাৰুক সন্মানৰ অর্থে আজি গোৱাত আই এন এছ হংসৰ ১৫০০ নৌসেনাই মানৱশৃংখলেৰে অভিনন্দন জ্ঞাপন কৰে৷ তদুপৰি আই এন এছ জলশ্বাৰ নৌসেনা জোৱানেও ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজত অগ্রণী সেনানীৰ ৰূপত থকা চিকিৎসক, নার্ছ, আন স্বাস্থ্যকর্মী, চাফাই কর্মী, আৰক্ষী, সংবাদ মাধ্যমকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সেৱাৰ লোকক সন্মান প্রদর্শন কৰে৷ ‘চাৰে জা চে আচ্ছা, হিন্দুস্তান হামাৰা…’ শীর্ষক গীতেৰে হাস্পতালৰ চৌহদত সেনাবাহিনীয়ে এক ব্যতিক্রমী কার্যসূচীৰে ক’ৰোনা যুঁজাৰুক সন্মান প্রদর্শন কৰে৷ বায়ু–স্থল আৰু নৌবাহিনীয়ে দেওবাৰে দেশজুৰি ক’ৰোনা যুঁজাৰুক এই যুঁজত উৎসাহিত কৰাৰ বাবে আয়োজিত বিভিন্ন কার্যসূচী ৰূপায়ণ কৰা বাবে সেনাবাহিনীক ধন্যবাদ জ্ঞাপন কৰে কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে ৷ দেশৰ ৰাজধানী দিল্লীৰ এইম্ছৰ আৱাসিক চিকিৎসক সংস্থাৰ সাধাৰণ সম্পাদক ডাঃ শ্রীনিৱাস ৰাজকুমাৰ টিয়ে সেনাবাহিনীৰ এই উৎসাহিত কার্যসূচীক ধন্যবাদ জ্ঞাপন কৰে ৷ উল্লেখ্য যে যোৱা শুকুৰবাৰে চি ডি এছ জেনেৰেল বিপিন ৰাৱাটে দেশব্যাপী ক’ৰোনা যুঁজাৰুক সন্মানার্থে তিনি সেনাবাহিনীয়ে ৩ মে’ত আয়োজন কৰা কার্যসূচী সংবাদ মেলযোগে সদৰী কৰাৰ পিছতেই প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সেনাবাহিনীক এই উদ্যোগৰ বাবে প্রশংসা কৰিছিল৷ দেশৰ ১৩০ কোটি জনতাৰ ভিতৰত সেনাবাহিনীৰ লোকসকলো যে ক’ভিড–১৯ যুঁজত একত্র হৈ আছে, সেই কথা প্রমাণ কৰাই নহয়, ক’ভিড–১৯ৰ যুঁজাৰুক উৎসাহিতও কৰিলে এই কার্যসূচীয়ে ৷