ভাৰতত এদিনত সৰ্বাধিক ১৮,৫৫২ আক্ৰান্ত ক’ৰোনাত
নিয়মীয়া বাৰ্তা, ২৭ জুনঃ ভাৰতত প্ৰতিদিনে বাঢ়ি গৈ আছে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুযায়ী, বিগত ২৪ ঘণ্টাত ভাৰতত ১৮,৫৫২গৰাকী লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে। এয়া এদিনত সৰ্বাধিক আক্ৰান্তৰ সংখ্যা বুলি বিভগটোৱে সদৰী কৰিছে।
ক’ৰোনাক্ৰান্তৰ দিশৰ পৰা বিশ্বৰ চতুৰ্থ স্থানত থকা দেশখনত এতিয়ালৈ ৫,০৮,৯৫৩ গৰাকী লোক ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে। ইয়াৰে ১,৯৭,৩৮৭ লোক চিকিসাধীন হৈ থকাৰ বিপৰীতে ২,৯৫,৮৮১ গৰাকী লোকে ইতিমধ্যে আৰোগ্য লাভ কৰিছে।
আনহাতে ভাৰতত ক’ৰোনাত মৃত্যবৰণ কৰা লোকৰ সংখ্যা বৰ্তমান ১৫,৬৮৫। উল্লেখ্য, কালিৰ দিনটোত ক’ভিড-১৯ত নতুনকৈ সংক্রমিত হৈছিল অভিলেখসংখ্যক ১৭,২৯৬গৰাকী লোক।